কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগত কালি উপস্থিত হোৱাৰ পাছতে বিজেপিৰ এজন যুৱ কর্মীৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷ যুৱ কৰ্মীজনৰ মৃতদেহ ‘ৰহস্যজনক পৰিস্থিতিত’ এটা পৰিত্যক্ত অট্টালিকাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ যাৰ ফলত শুকুৰবাৰে পুৱা পশ্চিম বংগৰ উত্তৰ কলকাতাৰ কাশীপুৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয় । পশ্চিম বংগলৈ দুদিনীয়া ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি মৃত বিজেপি কৰ্মীজনৰ বাসগৃহলৈ যোৱাৰ সম্ভাৱনা আছে ৷
এই ঘটনাৰ পাছতে অঞ্চলটোত প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰাৰ লগতে তৃণমুল আৰু বিজেপি কৰ্মীসকলৰ মাজত বিবাদ আৰম্ভ হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে আৰক্ষী ৷ কর্মীজনৰ ৰহস্যজনক মৃত্যুৰ পাছত বিজেপিয়ে চহৰখনলৈ শ্বাহৰ আগমনক লৈ আয়োজন সকলো উদযাপন বাতিল কৰিছে ৷ এজন জ্যেষ্ঠ বিজেপি নেতাই কয় যে এই খবৰ শুনি শ্বাহ বিচলিত হৈ পৰিছিল ৷ তেওঁলোকক কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু বিমানবন্দৰত শ্বাহক বিশাল আদৰণিৰ বাবে আয়োজন কৰা অনুষ্ঠান বাতিল কৰিবলৈ কৈছিল।
মৃত ব্যক্তিজন বিজেপি যুৱ মৰ্চাৰ কৰ্মী ২৬ বছৰীয়া অৰ্জুন চৌৰাছিয়া বুলি চিনাক্ত কৰা হৈছে। উত্তৰ কলকাতাৰ ঘোষ বাগান অঞ্চলত ওলমি থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ এয়া আত্মহত্যাৰ ঘটনা নে ৰাজনৈতিক ষড়যন্ত্ৰ, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ স্থানীয় লোক আৰু পৰিয়ালৰ সদস্যসকলে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীক হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছে।বিজেপিৰ লগতে ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰিছে যে তেওঁক শাসনাধিষ্ঠ টি এম চিয়ে হত্যা কৰিছে ৷ বিধানসভা নিৰ্বাচনৰ পিছত টি এম চি ক্ষমতালৈ উভতি অহাৰ সময়ৰ পৰা তেওঁ ভাবুকি লাভ কৰিছিল বুলি অভিযোগ কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ কৰা নাই ৷