শক্তিৰ দেৱী কালীক লৈ কৰা মন্তব্যৰে বিতৰ্কত সাঙোৰ খাই পৰিছে তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ মহুৱা মৈত্ৰই ৷ দেৱী কালীক লৈ কৰা মন্তব্যৰ বাবে নিজ দলৰ পৰা গৰিহণাৰ সন্মুখীন হোৱা মৈত্ৰই এইবাৰ শক্তিপীঠ কামাখ্যক লৈ উগ্ৰ মন্তব্য আগবঢ়াইছে ৷নিজৰ স্থিতিক সমর্থন কৰিবলৈ গৈ সংবাদমাধ্যমৰ আগত তেওঁ কয় – “কামাখ্যা মন্দিৰৰ দেৱীক প্ৰসাদ হিচাপে কি দিয়া হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিতভাৱে জনাব পাৰিবনে? বিজেপি শাসিত আন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলেও তাত থকা মন্দিৰত মা কালীক দিয়া প্ৰসাদৰ ক্ষেত্ৰত একে কাম কৰিব পাৰিবনে? এই মন্দিৰসমূহত সুৰা প্ৰসাদৰ অংশ নহয়নে? বিজেপিয়ে মোক নীচ কৰিবলৈ চেষ্টা চলাইছে কিয়নো মই তেওঁলোকৰ ভূল কামসমূহ আঙুলিয়াই দিও ৷ কিন্তু এই কৌশলে আৰু কাম নকৰিব।“
সাংসদ গৰাকীয়ে লগতে কয়- ‘এফ আই আৰ পঞ্জীয়ন কৰা এই ৰাজ্যসমূহৰ নিজ নিজ বিজেপি চৰকাৰসমূহক প্ৰত্যাহ্বান জনাইছো যে দেৱী কালীক দিয়া প্ৰসাদৰ বিষয়ে আদালতত শপতনামাত লিখিতভাৱে দিব লাগে। তেওঁ এই বিষয়ত এগৰাকী পৰিপক্ক ৰাজনীতিবিদৰ দৰে কাম কৰিছে বুলি উল্লেখ কৰি কয় যে বিজেপি হিন্দু দেৱতাৰ ৰক্ষক নহয় আৰু দলটোৱে বাঙালীসকলক কালি দেৱীক কেনেকৈ পূজা কৰিব লাগে সেই বিষয়েও শিকাব নালাগে।
মৈত্ৰই কয় -“মই ভাবো মই এজন পৰিপক্ক ৰাজনীতিবিদ হিচাপে কাম কৰিছিলো। দীৰ্ঘদিন ধৰি আমি বিজেপিয়ে উত্তৰ ভাৰতৰ প্ৰতিষ্ঠিত নীতি-নিয়মৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা হিন্দু ধৰ্মৰ নিজস্ব ধাৰণা জাপি দিয়াৰ বিষয়টো এৰাই চলিছিলোঁ। দলটোৱে আন অংশৰ লোকসকলৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব লাগে।” পশ্চিমবংগৰ দৰে ৰাজ্য য’ত হিন্দুসকলে যুগ যুগ ধৰি নিজৰ সুপ্ৰতিষ্ঠিত ৰীতি-নীতি পালন কৰে। দেৱী কালীৰ পূজা চলাব লাগে শিকাবলৈ বিজেপি কোন?”