অৱশেষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষা হোৱাতো নিশ্চিত কৰিলে বিসম্বাদী নেতা একনাথ ছিন্দেই ৷ আজি বিধানসভাত নিজৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে ছিন্দেই । ইয়াৰ লগে লগে শিৱসেনাক বিভাজিত কৰি উদ্ধৱ থাকৰে চৰকাৰৰ পতন ঘটোৱাৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক অচলাৱস্থাৰ অৱসান ঘটিল ৷ মুঠ ১৬৪ টা ভোট লাভ কৰি ছিন্দেই সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হয় ৷ একনাথ ছিন্দে শিবিৰে ১৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী শিবিৰে মাত্ৰ ৯৯ টা ভোট লাভ কৰে ৷ এজন বিধায়কে ছিন্দে শিবিৰলৈ সলনি হোৱাৰ বিপৰীতে আন কেইবাজনো বিধায়কে ভোটদানৰ বাবে উপস্থিত নহ’ল।
আজি কংগ্ৰেছৰ বিজয় ৱাদেট্টিৱাৰ আৰু জীশান ছিদ্দিকী উপস্থিত নাথাকিল বিধানসভাত ৷ ভোটদানৰ পিছত বিধানসভাত উপস্থিত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চাৱন। এনচিপিৰ বিধায়ক সংগ্ৰাম জগতাপক আজি দেখা নগ’ল বিধানসভাত ৷ কালি চাৰিওজন সদস্য বিধানসভাত উপস্থিত আছিল।
সমাজবাদী পাৰ্টিৰ আবু আজমী আৰু ৰাইছ শ্বেইখ আৰু এ আই এম আই এমৰ শ্বাহ ফাৰুক আনোৱাৰ ভোটদানৰ পৰা বিৰত থাকে।আস্থা ভোটৰ কিছু সময় পূৰ্বে একনাথ ছিন্দে শিবিৰত যোগদান কৰে ঠাকৰেৰ অনুগত বিধায়ক সন্তোষ বাংগাৰে। ছিন্দে শিবিৰত বর্তমান শিৱসেনাৰ বিধায়কৰ মুঠ সংখ্যা হৈছে ৪০ জন ৷বিজেপিৰ ৰাহুল নৰৱেকাৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ এদিন পিছতে এই আস্থাভোট অনুষ্ঠিত হয় ৷ যোৱা নিশা নৰৱেকাৰে ছিন্দেক শিৱসেনাৰ বিধানসভাৰ নেতা হিচাপে পুনৰ নিযুক্তি দিয়ে ৷