লোকসভা নির্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে বিৰোধী ৷ নির্বাচনত একেলগে অৱতীর্ণ হ’বলৈয়ো সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ মাজতে আসনক লৈ বিৰোধীৰ মাজত মতানৈক্য ঘটিব নেকি ? তাক লৈয়ো প্ৰশ্নৰ উত্থাপন হৈছে ৷ কিয়নো আগন্তুক লোকসভা নির্বাচনত কংগ্ৰেছে ১৪ খন আসনতে প্ৰতিদ্বন্দিতা কৰিব ৷ আজি এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
আনহাতে কংগ্ৰেছত টিকট লাভ কৰিবলৈ হ’লে নিষ্ঠাবান হোৱাটো অত্যন্ত জৰুৰী বুলিও সভাপতি গৰাকীয়ে উল্লেখ কৰে ৷ ভূপেন বৰাই এই প্ৰসংগত কয় যে আগন্তুক লোকসভাত ১৪ টা আৰু বিধানসভাত ১২৬ টা টিকট দিয়াৰ সময়ত কোন কিমান নিষ্ঠাৱান সেয়া পৰীক্ষা কৰা হ’ব ৷টিকট প্ৰদানৰ সময়ত নিষ্ঠাক লৈ যে পৰীক্ষা- নিৰীক্ষা , গৱেষণা চলিব সেয়া নিশ্চিত বুলিও তেওঁ প্ৰকাশ কৰে ৷