কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাৰ্থীৰ তালিকাত নাম অন্তভুর্ক্ত নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে অভিনেত্ৰী তথা ৰাজনীতিবিদ নাগমাই ৷ টুইটাৰযোগে নাগমাই ছোনিয়া গান্ধী ক উদ্দ্যেশি কয়, “আমাৰ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ২০০৩/০৪ চনত যেতিয়া মই তেওঁৰ নিৰ্দেশত কংগ্ৰেছ দলত যোগদান কৰিছিলো তেতিয়াই মোক ৰাজ্যসভাত আসন প্ৰদান কৰিব বুলি ব্যক্তিগতভাৱে প্ৰতিশ্ৰুতি দিছিল ৷ তেতিয়া আমি ক্ষমতাত নাছিলোঁ। তেতিয়াৰ পৰা ১৮ বছৰ হ’ল। তেওঁলোকে মোক সুযোগ নিদিলে। ইমৰাণক মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাত ৰখা হৈছে। মই সুধিব বিচাৰিছো মই কম যোগ্য নেকি। ইমৰাণৰ সন্মুখত আমাৰ ১৮ বছৰীয়া তপস্যাও কম হৈ পৰিল। “
১০ জুনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে দেওবাৰে কংগ্ৰেছ দলে ৭খন ৰাজ্যৰ পৰা ১০ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ৰাজস্থানৰ পৰা ৰণদীপ সিং সুৰজেৱালা, মুকুল ৱাছনিক আৰু প্ৰমোদ তিৱাৰীক প্ৰাৰ্থী হিচাপে বাচনি কৰা হৈছে। এই তিনিওজন নেতা ৰাজস্থানৰ নহয়। কংগ্ৰেছ দলে ক্ৰমে ছত্তীশগড়, হাৰিয়ানা, কৰ্ণাটকৰ পৰা ৰাজীৱ শুক্লা, অজয় মাকেন, আৰু জয়ৰাম ৰমেশক বাচনি কৰিছে ৷ ১৫খন ৰাজ্যত ৰাজ্যসভাৰ ৫৭খন আসনৰ নিৰ্বাচন ১০ জুনত অনুষ্ঠিত হ’ব।