তিনি বছৰ পূৰ্বে বিজেপিত যোগদান কৰা ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজাই গুজৰাট বিধানসভা নিৰ্বাচনৰ দলীয় টিকট পোৱাৰ সম্ভাৱনা থকা সকলৰ ভিতৰত অন্যতম বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ৷ আজি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰাৰ্থী চূড়ান্ত কৰা হ’ব ৷
বিগত ২৭ বছৰ ধৰি গুজৰাটত ক্ষমতাত থকা এই দলটোৱে হয়তো প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানী আৰু প্রাক্তন উপ-মুখ্যমন্ত্রী নীতিন পেটেল আদিৰ দৰে একাংশ জ্যেষ্ঠ নেতাক টিকট প্ৰদান নকৰিবও পাৰে৷ ৭৫ বছৰ অতিক্ৰম কৰাসকল অযোগ্য হ’ব বুলি জানিব পৰা গৈছে ৷ লগতে সাংসদ আৰু বিধায়কৰ আত্মীয়ও টিকট লাভ নকৰিব ৷
শিক্ষাগত ভাৱে মেকানিকেল অভিযন্তা ৰিভাবা জাদেজা কংগ্ৰেছৰ প্ৰবীণ হৰি সিং সোলংকীৰ আত্মীয় ৷ ২০১৬ চনত ৰবীন্দ্ৰ জাডেজাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ৰিভাবাই ৰাজপুত সম্প্ৰদায়ৰ সংগঠন কৰ্ণী সেনাৰ নেত্ৰী হিচাপেও কাম কৰি আহিছে।
বিজেপিৰ টিকট লাভ কৰিবলৈ কনিষ্ঠ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ পৰা অহা হাৰ্দিক পেটেল আৰু অলপেশ ঠাকুৰ অন্যতম বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷ ইয়াৰ বিপৰীতে এইবাৰ তালিকাত নাথাকিব বহু বিধায়ক।
দলৰ মুৰব্বী জে পি নাড্ডাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই কমিটীৰ বৈঠকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী।প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব ৷ একেদিনাই হিমাচল প্ৰদেশৰ ফলাফলও ঘোষণা কৰা হ’ব ৷
গুজৰাটৰ নির্বাচন তিনিকোণীয়া যুঁজলৈ পৰিণত হৈছে৷ যোৱাবাৰ ভোটৰ অংশীদাৰিত্ব আৰু আসন বৃদ্ধি কৰা কংগ্ৰেছে নিজৰ প্ৰচাৰ অভিযান স্তিমিত কৰিছে যদিও আম আদমী পাৰ্টিয়ে বৃহৎ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷আজিৰ বৈঠকত বিজেপিয়ে অহা কেইদিনমানৰ ভিতৰত ঘোষণা কৰিবলগীয়া ১৮২ গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।২০১৭ চনত বিজেপিয়ে ৯৯খন আৰু কংগ্ৰেছে ৭৭খন আসন লাভ কৰিছিল।