ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি হিচাপে বিজেপি সমর্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে কালি বৃহৎ বিজয় সাৱ্যস্ত কৰিছে ৷ কিন্তু ৰাষ্ট্ৰপতি নির্বাচনত কেবল তেওঁক সমর্থন কৰা দলসমূহৰ সাংসদ আৰু বিধায়কৰ পৰা ভোট লাভ কৰা নাই ৷ বৰঞ্চ বিৰোধী দলসমূহৰ সাংসদ –বিধায়কৰ ভোটো লাভ কৰিছে দ্ৰৌপদী মুর্মুৱে ৷ অর্থাৎ ৰাষ্ট্ৰপতি নির্বাচনত হৈছে বৃহৎ সংখ্যক ক্ৰছ ভোট ৷ প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় ১২৫ জন বিধায়ক আৰু ১৭ জন বিৰোধী সাংসদে দ্ৰৌপদী মুৰ্মুৰ সমৰ্থনত ক্ৰছ ভোটদান কৰে। ৰাষ্ট্ৰপতি নির্বাচনৰ ফলাফল ঘোষণাৰ পাছতে বিজেপিৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু হিমন্ত বিশ্ব শৰ্মাই ভোটদান কৰা বিৰোধী বিধায়কক “ধন্যবাদ” জ্ঞাপন কৰে ৷ নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৱে ৬৪ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে প্ৰায় ৩৬ শতাংশ ভোট লাভ কৰে যশৱন্ত সিনহাই।
অসমত ২৫ গৰাকী বিৰোধী বিধায়কে দ্ৰৌপদী মুৰ্মুক ভোট দিয়ে। এক টুইটযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয়- “১২৬ জন সদস্য থকা অসম বিধানসভাত এন ডি এৰ মূল শক্তি ৭৯ টা ভোটৰ তুলনাত দ্ৰৌপদী মুৰ্মুৱে ১০৪ টা ভোট লাভ কৰিছিল। ২ জন বিধায়ক অনুপস্থিত আছিল। এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি থকা বিশ্বাসৰ বাবে আৰু এই ঐতিহাসিক মুহূৰ্তত সম্পূৰ্ণ সহৃদয়েৰে যোগদান কৰাৰ বাবে অসমবাসীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা।”
শেহতীয়াকৈ ৰাজ্যখনৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়তো একেধৰণৰ ক্ৰছ ভোটিং হৈছিল, যেতিয়া শাসকীয় বিজেপিয়ে দুয়োখন আসন লাভ কৰিছিল। কংগ্ৰেছ আৰু সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক ফ্ৰণ্ট (এ আি ইউ ডি এফ) দুয়োটা দলে ইজনে সিজনক ক্ৰছ ভোটিঙৰ অভিযোগ উত্থাপন কৰিছে।
মধ্যপ্ৰদেশত দ্ৰৌপদী মুৰ্মুৱে ১৬টা অতিৰিক্ত ভোট লাভ কৰে; তেওঁ ১৪৬টা আৰু যশৱন্ত সিনহাই ৭৯টা ভোট লাভ কৰে। বংগত বিজেপিৰ ৬৯জন বিধায়ক আছে যদিও দ্ৰৌপদী মুৰ্মুৱে ৭১টা ভোট লাভ কৰে। আনকি গৃহ ৰাজ্য ঝাৰখণ্ডতো যশৱন্ত সিনহাই ৮১ জন বিধায়কৰ ভিতৰত মাত্ৰ ৯ জন বিধায়কৰহে সমৰ্থন লাভ কৰিছিল ৷ অর্থাৎবিৰোধী দলৰ সকলো ভোট লাভ কৰা নাছিল। তৃণমূল কংগ্ৰেছৰ দুই এজন বিধায়কে মেঘালয়ত ক্ৰছ ভোটদান কৰাৰ বিপৰীতে মণিপুৰত কংগ্ৰেছৰ বিধায়কে এনডিএ প্ৰাৰ্থীক সমৰ্থন জনায়। বিহাৰ আৰু ছত্তীশগড়ৰ ৬ গৰাকীকৈ, গোৱাৰ ৪ গৰাকী আৰু গুজৰাটৰ ১০ গৰাকী বিৰোধী বিধায়কে ভোট দিছিল দ্ৰৌপদী মুৰ্মুক।অন্ধ্ৰ প্ৰদেশ, ছিকিম আৰু নাগালেণ্ডত এটাও ভোট লাভ কৰা নাছিল যশৱন্ত সিনহাই।