ভাৰতৰ নিৰ্বাচনী আয়োগৰ সিদ্ধান্ত অনুসৰি সলনি কৰা হ’ল উত্তৰ-পূবৰ ৰাজ্য মণিপুৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ দিন ৷ ৰাজ্যখনত পূৰ্বে নিৰ্ধাৰিত সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰ ২৭ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ বিধান সভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও নিৰ্বাচনী আয়োগৰ সিদ্ধান্ত মৰ্মে ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৮তাৰিখেহে ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷
আনহাতে উত্তৰ-পূবৰ ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ২০২২বৰ্ষৰ ৫মাৰ্চত ৷ যদিও পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত অনুসৰি ৩মাৰ্চতহে দ্বিতীয় পৰ্যায়ৰ বিধান সভা নিৰ্বাচন অনু্ষ্ঠিত হোৱাৰ কথা আছিল ৰাজ্যখনত ৷