ধেমাজি জিলা সভাপতিৰ পদ ত্যাগ কৰিছে প্ৰাম দত্তই ৷ শনিবাৰে তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৷ ঘৰুৱা সমস্যাৰ বাবে পদত কার্যনিবাহ কৰি থাকিব নোৱাৰিব বুলি দত্তই পদত্যাগ পত্ৰত উল্লেখ কৰিছে ৷
অৱশ্যে তেওঁৰ পদত্যাগৰ আঁৰত আন বিষয় লুকাই থকা বুলি সন্দেহ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ধেমাজি জিলা সভাপতি পদ সলনি কৰাৰ যো-জা চলাইছে দলটোৱে ৷ ৰুপা কামানক জিলাখনৰ সভাপতি পদৰ দায়িত্ব দিয়াৰ প্ৰস্তি চলাইছে বিজেপিয়ে ৷ যাৰ বাবে ক্ষোভিত হৈ প্ৰেম দত্তই পদত্যাগ কৰা বুলি ভবা হৈছে ৷ আনহাতে তেওঁৰ পদত্যাগৰ পাছতে ৰাজ্যিক বিজেপিত চিন্তিত হৈ পৰিছে ৷ যাৰ বাবে এই সংঘাত নিৰাময়ৰ বাবে চেষ্টা চলোৱা হৈছে বুলি জানিব পৰা গৈছে ৷
ইপিনে পদত্যাগ পত্ৰ লাভ কৰাৰ পাছতে চর্চা অনুসৰি ৰূপা কামানক দিয়া হৈছে জিলাখনৰ সভাপতিৰ দায়িত্ব ৷ ভৱেশ কলিতাই তেওঁক দিছে এই দায়িত্ব ৷