গান্ধী পৰিয়ালৰ আনুগত্য তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট নহয়, দিগ্বিজয় সিঙহে হ’ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ প্ৰার্থী ৷ বৃহস্পতিবাৰে সভাপতি পদৰ নির্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি তেওঁ নিশ্চিত কৰিছে ৷ মুখ্যমন্ত্ৰী অশোক গেহলটৰ প্ৰাৰ্থীত্বক লৈ ৰাজস্থানত হাই ভল্টেজ নাটক প্ৰত্যক্ষ কৰাৰ কিছুদিন পিছতে সিঙে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দিল্লীৰ এআইচিচিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সিঙে মনোনয়ন পত্ৰ সংগ্ৰহৰ বাবে উপস্থিত থকাৰ লগতে শুকুৰবাৰে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে।
সিঙে লগতে দাবী কৰে যে কংগ্ৰেছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত একমাত্ৰ তেওঁৰ ৷ এই বিষয়ত তেওঁ গান্ধী পৰিয়ালৰ সৈতে কথা পতা নাছিল। সিঙে কয় –“ আজি মই ইয়ালৈ মনোনয়ন প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ আহিছো ৷ সম্ভৱতঃ কাইলৈ মই মনোনয়ন দাখিল কৰিম।“
চলিত মাহৰ আৰম্ভণিতে গেহলটে দলটোৰ শীৰ্ষ পদৰ বাবে প্ৰাৰ্থীত্ব নিশ্চিত কৰিছিল ৷ কিন্তু সভাপতি হোৱাৰ লগে লগে গেহলটৰ সলনি শচীন পাইলটক মুয়খ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে ৯০ জন বিধায়কে পদত্যাগৰ হুংকাৰ দিয়ে ৷ যাৰ বাবে গেহলট নির্বাচনত অৱতীর্ণ হোৱাক লৈ অনিশ্চয়তাৰ সৃষ্টি হয় ৷ সভাপতিৰ দৌৰত অৱতীর্ণ হ’ব লোকসভাৰ সদস্য শশী থাৰুৰ ৷ ইতিমধ্যে তেওঁ শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সাজু হৈছে। কংগ্ৰেছৰ শীৰ্ষ পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ৩০ ছেপ্টেম্বৰ ৷ ১৭ অক্টোবৰত সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব।