বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত আজি পাঞ্জাৱৰ কেইবাটাও স্থানত অবৈধ বালি খননৰ গোচৰত তালাচী চলাই এনফর্চমেন্ট সঞ্চালকালয় চমুকৈ ই ডিয়ে ৷ ৷ অজি ই ডিয়ে অভিযান চলোৱা স্থানসমূহৰ ভিতৰত আছে মুখ্যমন্ত্ৰীৰ ভতিজা ভুপিন্দৰ সিং হ‘নীৰ বাসগৃহও ৷ তদুপৰি আন ১০ স্থানত আজি পুৱা ই ডিয়ে অভিযান চলায় ৷ ইতিমধ্যে ই ডিয়ে অবৈধ ধনৰ লেনদেন সন্দর্ভত এক গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে পাঞ্জাৱৰ বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ কেইদিনমান থকাৰ সময়তে এনেদৰে মুখ্যমন্ত্ৰীৰ ভতিজাসহ আন স্থানত ই ডিয়ে তালাচী চলোৱাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ অহা ২০ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ নির্বাচন অনুষ্ঠিত হ’ব ৷ তদুপৰি ১০ মার্চত ঘোষণা কৰা হ’ব নির্বাচনৰ ফলাফল ৷
লক্ষণীয় যে অবৈধ বালি খনন পঞ্জাৱ বিধানসভা নির্বাচনৰ মূল বিষয় হৈ পৰিছে। শাসনাধিষ্ঠিত কংগ্ৰেছ অবৈধ বালি খননত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ৷ ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰা অমৰিন্দৰ সিঙে অভিযোগ কৰিছে যে কংগ্ৰেছৰ সকলো বিধায়ক বালিৰ অবৈধ ব্যৱসায়ত জড়িত।সিঙে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে তেওঁ কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক অবৈধ বালি খননৰ সৈতে জড়িত বিধায়কসকলৰ বিষয়ে অৱগত কৰিছিল।আনহাতে পাঞ্জাৱত কংগ্ৰেছৰ বাবে এক শক্তিশালী প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰা আম আদমী পাৰ্টীয়েও মুখ্যমন্ত্ৰী চান্নীক অবৈধ বালি খননৰ অভিযোগেৰে আক্ৰমন কৰি আহিছে ৷