বিশ্বৰ ৫০ হাজাৰতকৈ অধিক লোকৰ টেলিফ‘ন টেপিংক লৈ তুমূল চৰ্চাত থকাত থকা পেগাছাছ কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ফ্ৰান্স চৰকাৰ।
মৰক্কোৰ নিৰাপত্তা বাহিনীয়ে পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ‘ৰ টেলিফ‘ন টেপিং ৰ তথ্য পোহৰলৈ অনাৰ পিছতে এতিয়া এই সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে ৰাষ্ট্ৰপতিজনে।
এই সম্পৰ্কত ৰাষ্ট্ৰপতিজনে ইতিমধ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নফতালি বেনেটৰ লগত এক আলোচনাত মিলিত হৈছে।উল্লেখ্য যে ইজৰাইলৰ কোম্পানী এন এছ অ‘ য়ে পেগাছাছ ছফটৱেৰ ব্যৱহাৰ কৰি বিশ্বৰ ৫০ হাজাৰতকৈ অধিক লোকৰ টেলিফ‘ন টেপিং কৰাৰ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ আৰু তেওঁৰ চৰকাৰৰ ১৫ জনকৈ সদস্যৰ নামো জড়িত থকাৰ কথা ফাদিল হৈছিল।
ইফালে ইজৰাইলৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি যোৱা বৃহস্পতি বাৰে এই বিষয়ক লৈ মেক্ৰ‘ই বেনেটলৈ ফ‘ন কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত গভীৰভাৱে অনুসন্ধান কৰিবলৈ আহ্বান জনাইছে।
অৱশ্যে প্ৰধানমন্ত্ৰী বেনেটে এই সন্দৰ্ভত কয় যে পেগাছাছ কাণ্ড তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ আগৰ সময়ৰ কথা।যদিও এই বিষয়ত নিশ্চত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মেক্ৰ‘ক।লগতে মৰক্কোৰ চৰকাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি জনৰ ফ‘ন টেপিং কৰাৰ কথা অস্বীকাৰ কৰে প্ৰধানমন্ত্ৰীজনে।
একেদৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি জনৰ ফ‘ন টেপিং কৰাৰ সমসাময়িকভাৱে দেশখনৰ অনুসন্ধানমূলক সাংবাদিকতা কৰা সংস্থা মিডিয়া পাৰ্টৰ প্ৰতিষ্ঠাপক এডভি প্লেনেল আৰু তেওঁৰ সহযোগী সাংবাদিক লিনাগ‘ ব্ৰেণ্ডাৰো টেলিফ‘ন হেক কৰাৰ কথাও পোহৰলৈ আহিছিল। তেনেক্ষেত্ৰত ব্ৰেণ্ডাৰ অভিযোগ অনুসৰি ফ্ৰান্স চৰকাৰে আৰম্ভ কৰিছে পেগাছাছ ৰ অনুসন্ধান অভিযান।