প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে হাজাৰ হাজাৰ সমর্থকৰ উপস্থিতিত শুকুৰবাৰে একেৰাহে দ্বিতীয় বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ ইতিহাস ৰচনা কৰি দ্বিতীয় বাৰৰ বাবে শাসনৰ গাদী দখল কৰা যোগী চৰকাৰে আজি প্ৰথমখন কেবিনেট অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই কেবিনেট বৈঠকতে নতুন চৰকাৰে বিনামূলীয়া ৰেচন আঁচনি পুনৰ তিনি মাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনত এই আচঁনিৰ অধীনত মুঠ ১৫ কোটি লোকক সামৰি লোৱা হৈছে ৷ ক’ভিড মহামাৰীৰ সময়ত আৰম্ভ কৰা বিনামূলীয়া ৰেচন আঁচনিৰ ম্যাদ মাৰ্চত শেষ হোৱাৰ কথা আছিল। উত্তৰ প্ৰদেশৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত এই আচঁনিয়ে এক গুৰুত্বপূর্ণ ভুমিকা পালন কৰিছিল ৷
লক্ষ্ণৌৰ লোক ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত নতুন চৰকাৰৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয়-“উত্তৰ প্ৰদেশত তিনি মাহৰ বাবে বিনামূলীয়া ৰেচন দিয়া হ’ব। আমি দৰিদ্ৰ লোকসকলৰ কথা ভাবি এই সিদ্ধান্ত লৈছো। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আচঁনিসমূহৰ সুবিধা জনসাধাৰণে লাভ কৰিব লাগিব ৷” ৩৭ বছৰীয়া অভিলেখ ভঙ্গ কৰি যোগী আদিত্যনাথে কালি দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই বিশাল অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ মুখ্যমন্ত্ৰী সকল উপস্থিত থাকে ৷ যোগী আদিত্যনাথৰ উপৰিও, ৫২ জন মন্ত্ৰীয়ে কালি শপত গ্ৰহণ কৰে ৷