৮ বছৰৰ বিৰতিৰ অন্তত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগম (জি এম চি)ৰ নির্বাচন ৷ অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব জি এম চিৰ নির্বাচন ৷ আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে অসম ৰাজ্যিক নির্বাচন আয়োগে ৷ সেই অনুসৰি অহা ১৯ এপ্ৰিলত ভোট গ্ৰহনৰ পাছত ২১ এপ্ৰিলত ঘোষণা কৰা হ’ব নির্বাচনৰ ফলাফল ৷ মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে অহা ৩০ মার্চ ৷ আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ৪ এপ্ৰিল ৷ এইবাৰ মুঠ ৬০ টা ৱার্ডৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব ৷ মুঠ ৭৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰত ৭,৯৬,৮২৯ জন ভোটাৰে সাৱ্যস্ত কৰিব ভোটাধিকাৰ ৷ জি এম চিত ৫০ শতাংশ আসন সংৰক্ষণ থাকিব মহিলা ৷ প্ৰতিটো ৱার্ডত এজন প্ৰার্থীয়ে সর্বাধিক ২.৫০ লাখ টকা ব্যয় কৰিব পাৰিব ৷ ১৯ এপ্ৰিলত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ ২০১৩ চনতে শেষবাৰৰ বাবে জি এম চি নির্বাচন অনুষ্ঠিত হৈছিল ৷