কংগ্ৰেছ ত্যাগৰ পাছতে নতুন দল আৰম্ভ কৰিবলৈ সাজু হৈছে প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নবী আজাদ ৷এটা পষেকৰ ভিতৰতে তেওঁ আৰম্ভ কৰিব এই নতুন দলটো ৷ প্ৰাপ্ত তথ্য অনুসৰি জম্মু-কাশ্মীৰৰ পৰা আৰম্ভ কৰা হ’ব এই নতুন ৰাজনৈতিক দল ৷ তেওঁৰ ঘনিষ্ঠ নেতা জিএম ছৰুৰীয়ে আজি এই কথা সদৰী কৰিছে ৷
ছৰুৰীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৯ বর্ষৰ ৫ আগষ্টৰ পূৰ্বৰ স্থিতি জম্মু-কাশ্মীৰত পুনৰুদ্ধাৰ কৰাটো দলৰ ইস্তাহাৰৰ অংশ হ’ব।আজাদৰ সমৰ্থনত দলৰ মৌলিক সদস্যপদৰ পৰা পদত্যাগ কৰা জম্মু-কাশ্মীৰৰ কেইবাজনো বিশিষ্ট কংগ্ৰেছ নেতাৰ ভিতৰত থকা প্ৰাক্তন মন্ত্ৰী ছৰুৰীয়ে কয় যে তেওঁলোকৰ নেতা মতাদৰ্শগতভাৱে ধৰ্মনিৰপেক্ষ ৷ তেওঁ বিজেপিৰ নিৰ্দেশত কাম কৰাৰ কোনো প্ৰশ্নই উত্থাপন হ’ব নোৱাৰে ৷ তেওঁ লগতে দাবী কৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় দলটোৰ সৈতে পাঁচ দশকৰো অধিক দীঘলীয়া সম্পৰ্ক ত্যাগ কৰাৰ পিছত শতাধিক জ্যেষ্ঠ কংগ্ৰেছ নেতা, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ সদস্য আৰু বিশিষ্ট কৰ্মীয়ে পদত্যাগ পত্ৰ দাখিল কৰিছে।
কংগ্ৰেছৰ জম্মু-কাশ্মীৰ গোটৰৰ প্ৰাক্তন উপ-সভাপতি ছৰুৰীয়ে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক কয় যে আজাদ ৪ ছেপ্টেম্বৰত জম্মুত উপস্থিত হ’ব ৷ নতুন দল আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ শুভাকাংক্ষীৰ সৈতে আলোচনাত মিলিত হ’ব।
শুকুৰবাৰে পদত্যাগ কৰাৰ কেইঘণ্টামান পিছতে আজাদে ঘোষণা কৰিছিল যে তেওঁ শীঘ্ৰেই এটা নতুন দল আৰম্ভ কৰিব আৰু জম্মু-কাশ্মীৰত ইয়াৰ প্ৰথমটো গোট স্থাপন কৰিব ৷
আজাদে কৈছিল -‘মই এতিয়ালৈকে এটা ৰাষ্ট্ৰীয় দল আৰম্ভ কৰিবলৈ কোনো খৰখেদা কৰা নাই ৷ কিন্তু জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা কথা মনত ৰাখি মই তাত শীঘ্ৰেই এটা গোট আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছো।’
শুকুৰবাৰে নতুন দিল্লীত কেইবাজনো প্ৰাক্তন বিধায়কৰ সৈতে আজাদক সাক্ষাৎ কৰিছিল ছৰুৰীয়ে ৷ ছৰুৰীয়ে কয়-“আমি সুখী যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা জম্মু-কাশ্মীৰলৈ উভতি আহিছে ৷ মানুহে তেওঁৰ শাসনক এটা সোণালী যুগ হিচাপে লয় আৰু তেওঁক পুনৰ জম্মু-কাশ্মীৰৰ নেতা হোৱাতো বিচাৰে ৷”