বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহিব ৷ অহা ২১ জুনত তেওঁ দিল্লীত উপস্থিত হ’ব বুলি প্ৰকাশ কৰা হৈছে ৷ পিছদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁ বৈঠকত মিলিত হ’ব ৷ বৈঠকত তীস্তাকে ধৰি ভাৰত-বাংলাদেশৰ মাজত ৫৩খন নদীৰ বিষয়ত আলোচনা অনুষ্ঠিত হ’ব ৷ নিৰাপত্তা, প্ৰতিৰক্ষা, যোগাযোগ, উমৈহতীয়া নদীৰ পানী ভাগ-বতৰা, স্থল আৰু সাগৰীয় সীমাৰ বিবাদ নিষ্পত্তি, শক্তি খণ্ডত সহযোগিতা – ইত্যাদি বিষয়ত কেইবাটায়ো বিষয়ে দুয়োগৰাকী নেতাৰ আলোচনাত স্থান পাব । ভাৰত আৰু বাংলাদেশৰ মাজত গংগা সন্ধিৰ ম্যাদ ২০২৬ চনৰ ডিচেম্বৰ মাহতো ম্যাদ উকলি যাব। ইয়াৰ সংস্কাৰৰ বিষয়টোও আলোচনা কৰা হ’ব ৷
শেহতীয়াকৈ মোদীৰ শপতগ্ৰহণৰ অনুষ্ঠানত হাছিনাই দিল্লী ভ্ৰমণ কৰিছিল যদিও দুয়ো গৰাকী নেতাৰ মাজত বিশেষ বৈঠক অনুষ্ঠিত হোৱা নাই ৷ কূটনৈতিক সূত্ৰেও প্ৰকাশ কৰিছে যে ২১ জুনত শ্বেখ হাছিনাৰ এই ভ্ৰমণ পূৰ্ব পৰিকল্পিত আছিল। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰতৰ বৈদেশিক সচিব বিনয় কোৱাট্ৰাই মে’ মাহত লোকসভা নিৰ্বাচনৰ সময়ত ঢাকা ভ্ৰমণ কৰিছিল। সেই সময়ত তেওঁ হাছিনাক দিল্লী ভ্ৰমণলৈ নিমন্ত্ৰণ জনাইছিল। ইয়াৰ পিছতে প্ৰকাশ কৰা হৈছিল যে ভাৰতৰ নতুন চৰকাৰ গঠন হোৱাৰ পাছতহে দিল্লীলৈ বংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকী আহিব।
বিনয় কোৱাট্ৰাৰ পৰা আমন্ত্ৰণ পত্ৰ লাভ কৰাৰ পিছত ২১-২৩ জুনৰ ভিতৰত হাছিনাৰ ভ্ৰমণ নির্ধাৰণ কৰা হৈছিল ৷ কিন্তু মিত্ৰজোঁটৰ অংশীদাৰৰ ওপৰত নিৰ্ভৰ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে ফোনত কথা পাতিছিল। মোদীয়ে হাছিনাক নিজৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল। বংগবন্ধুৰ কন্যাও এই নিমন্ত্ৰণ গ্ৰহণ কৰি মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।