‘জয় শ্ৰীৰাম’ শ্লোগানক লৈ আজি উত্তপ্ত হৈ পৰে পশ্চিমবংগৰ বন্দে ভাৰত ৰেলসেৱা মুকলি অনুষ্ঠান । এই অনুষ্ঠানতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত আছিল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জী শাৰীৰিকভাৱে উপস্থিত থকাৰ বিপৰীতে ‘ভাৰ্চুৱেলি’ উপস্থিত আছিল প্ৰধানমন্ত্ৰী মোদী । হাওৰা ষ্টেচনত ‘জয় শ্ৰীৰাম’ শ্ল’গান শুনি মঞ্চত উঠিবলৈ অস্বীকাৰ কৰে মমতা বেনার্জী ৷ইয়াৰ বিপৰীতে মঞ্চৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰীয়ে ভাষণ ৰাখে ৷ বেনার্জীয়ে ভাষণ প্ৰধানমন্ত্ৰীগৰাকীৰ মাতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছিল। আনহাতে বংগবাসীৰ প্ৰশংসাত পঞ্চমুখহৈ পৰা প্ৰধানমন্ত্ৰীৰ কণ্ঠত শুনা গ’ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীত ‘অ’ মোৰ দেশৰ মাটি “ ৷
‘জয় শ্ৰীৰাম’ শ্লোগান শুনি মমতাই মঞ্চত উঠি নোযোৱাক লৈ বিতর্কৰ সূচনা হৈছিল ৷ অৱশ্যে বহুতে ক’ব বিচাৰে যে মমতাৰ এই পদক্ষেপ ‘জয় শ্ৰীৰাম’ শ্লোগানৰ বাবে নহয়, বিৰোধী নেতা শুভেন্দু অধিকাৰীৰ সৈতে একেখন মঞ্চত বহিবলৈ ইচ্ছুক নাছিল ।
ভাষণত শ্লোগান সন্দর্ভত বিজেপিৰ কৰ্মী-সমৰ্থকসকলক তেওঁ কয় – “আপুনি কেৱল শ্ৰীৰামৰ জয়ধ্বনি কিয় মাতিছে? আপুনি ক’ব পাৰে জয় ছিয়াৰম! ৰামৰ পৰা সীতাক কিয় পৃথক কৰিছে?”