পুনৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ কংগ্ৰেছ নেতাজনে আৰম্ভ কৰা ভাৰত ন্যায় যাত্ৰাক ক্ষুৰধাৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডঃ শর্মাই ৷ আজি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে ৰাহুল গান্ধীৰ এয়া অন্যায় যাত্ৰা ৷ আৰু লাহে লাহে এয়া কংগ্ৰেছে “তোড়ো” যাত্ৰা হৈ পৰিছে ৷ তেওঁ লগতে দুই বিধায়কে কংগ্ৰেছ এৰি বিজেপিক সমর্থন কৰিবলৈ লোৱা সন্দর্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
ডঃ শর্মাই কয় -‘‘আমাৰ বাবে সুখবৰ। কংগ্ৰেছৰ ২ বিধায়কে প্ৰধানমন্ত্ৰীৰ প্ৰতি সন্মান জনাইছে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ কামক সমৰ্থন জনাব। ইয়াৰ পূৰ্বে বিধায়ক ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসে সমৰ্থন জনাইছিল বিজেপি চৰকাৰক। এতিয়া মুঠ ৪গৰাকী কংগ্ৰেছ বিধায়কে বিনাচৰ্তে চৰকাৰখনক সমৰ্থন জনাব।দুই-এজনৰ আগমনে আমাক অধিক শক্তিশালী কৰিব। কংগ্ৰেছৰ নতুন নিয়ম অনুসৰি বিধায়কে মন্ত্ৰীৰ অনুষ্ঠানত যাব নোৱাৰে। আৰু বহু কংগ্ৰেছী বিধায়কৰ সৈতে যোগাযোগ আছে। বিজেপিত যোগদান বিষয়টো নিৰ্বাচনৰ আগত দেখা যাব। “
ইফালে অসমত কোনো বিৰোধী নাই বুলি উল্লেখ কৰি তেওঁ কয় যে একাংশ বিধায়কৰ দেহাকেইটা কংগ্ৰেছ দলৰ সতে আছে, মনটো বিজেপিৰ লগত আছে। কোনো বিধায়ক ৰাহুল গান্ধীৰ সৈতে নাই। আগন্তুক বিধানসভা নিৰ্বাচনত ১০০খন আসনত জয়ী হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ তদুপৰি লোকসভাত চাৰে এঘাৰখন আসন বিজেপিৰ এতিয়ালৈ নিশ্চিত বুলি তেওঁ কয় ৷