VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইন্দিৰা গান্ধীৰ একালৰ দেহৰক্ষীৰ হাততে এইবাৰ থাকিব নেকি মিজোৰামত চৰকাৰ গঠনৰ চাবিকাঠি? সমীক্ষাৰ পৰিসংখ্যাই দিছে নতুন ইংগিত

voicedesk by voicedesk
October 31, 2023
in ৰাজনীতি
ইন্দিৰা গান্ধীৰ একালৰ দেহৰক্ষীৰ হাততে এইবাৰ থাকিব নেকি  মিজোৰামত চৰকাৰ গঠনৰ চাবিকাঠি? সমীক্ষাৰ পৰিসংখ্যাই দিছে নতুন ইংগিত
0
SHARES
109
VIEWS
Share on FacebookShare on Twitter

 

২০১৮ চনত মিজোৰামত দুটা দশকৰ  ৰাজনীতিৰ পৰম্পৰা ভংগ কriকংগ্ৰেছক তৃতীয় স্থানলৈ ঠেলি দি  বিৰোধী দলৰ নেতাৰ পদ দখল কৰে জোৰাম পিপলছ মুভমেণ্টৰ নেতা লালডুহোমাই । জোৰাম পিপলছ মুভমেণ্টৰ নেতা লালডুহোমাৰ অনুগামীসকলে দাবী কৰিছে যে এইবাৰ তেওঁ শাসকীয় মিজো নেচনেল ফ্ৰণ্টক অতিক্ৰম কৰি আইজলৰ শাসনৰ গাদী দখল কৰিব।

 

আশীৰ দশকত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত আছিল আই পি এছ বিষয়া লালডুহোমা। পৰৱৰ্তী সময়ত তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰি ৰাজ্যিক কংগ্ৰেছৰ সভাপতি আৰু লোকসভাৰ সাংসদ হয় ৷  ঐতিহাসিক মিজো চুক্তিৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যখনলৈ শান্তি অনাত তেওঁৰ গুৰুত্বপূর্ণ ভূমিকা আছিল। বিভিন্ন মতামত সমীক্ষা অনুসৰি সম্ভাব্য ত্ৰিশংকু মিজোৰাম বিধানসভাত এইবাৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁৰ দলে নিৰ্ণায়ক ভূমিকা ল’ব পাৰে।

 

জনমত সমীক্ষা বা বুথ ৰিটাৰ্ণ সমীক্ষা প্ৰায়ে বাস্তৱৰ সৈতে মিল নাথাকে। অৱশ্যে একাংশ  সমীক্ষাৰ পৰা অনুমান কৰিব পাৰি যে ৪০ আসনৰ বিধানসভাত ২১খন আসনৰ যাদুকৰী সংখ্যাত উপনীত হ’ব নোৱাৰিব এম এন এফ বা কংগ্ৰেছে। তেনে ক্ষেত্ৰত লালডুহোমাৰ দলটোৱে আঠৰ পৰা ১২খন আসন লাভ কৰি নিৰ্ণায়ক শক্তি হ’ব পাৰে। এবিপি-চি ভোটাৰৰ মতামত সমীক্ষা অনুসৰি এমএনএফ ১৩-১৭, কংগ্ৰেছ ১০-১৪, জেডপিএম ৯-১৩ আৰু নিৰ্দলীয়, বিজেপি আদি দলে এখনৰ পৰা তিনিখন বিধানসভাৰ আসন লাভ কৰিব পাৰে। এনে পৰিস্থিতিত একালৰ কংগ্ৰেছ নেতা আৰু পিছলৈ বিজেপিৰ সহযোগী লালডুহোমাই কি কৰিব সেই লৈ মিজোৰামত জল্পনা-কল্পনাৰ চৰ্চা চলিছে।

 

২০১৮ চনৰ নিৰ্বাচনৰ ঠিক আগতে লালডুহোমাই নিজেই নিজৰ দল জোৰাম নেচনেলিষ্ট পাৰ্টিকে ধৰি মুঠ ৭টা দল লৈ জে পি এম গঠন কৰিছিল। আঠখন আসন লাভ কৰি বিধানসভাৰ দ্বিতীয় বৃহত্তম শক্তি হিচাপে পৰিগণিত হয়। বিজয়ী এম এন এফে ২৬খন আসন আৰু দশক পুৰণি কংগ্ৰেছে ৫খন আসন লাভ কৰে। চেৰচিপ আসনত কংগ্ৰেছৰ বিদায়ী মুখ্যমন্ত্ৰী লালথানহাউলাক পৰাস্ত কৰে লালডুহোমাই। ইয়াৰ পিছত জেড পি এম লালডুহোমাক সভাপতি হিচাপে লৈ ‘ৰাজনৈতিক দল’ হিচাপে আত্মপ্ৰকাশ কৰে। যদিও আইনী প্ৰক্ৰিয়াৰ বাবে বিধায়কৰ পদ হেৰুৱালে, উপ-নিৰ্বাচনত তেওঁ পুনৰ জয়লাভ কৰে। শেহতীয়াকৈ ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম পৌৰসভা লুংলেইৰ আটাইকেইখন আসনত জেড পি এমৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

 

 

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে  ১৯৮২ চনত লালডুহোমাক অসমৰ পৰা দিল্লীলৈ বদলি কৰি ইন্দিৰাৰ নিৰাপত্তাৰক্ষীৰ দায়িত্ব দিয়া হয়। ইন্দিৰাই জানিব পাৰিলে যে ১৯৭৭ চনত আই পি এছ হোৱাৰ পূৰ্বে তেওঁ মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী চি চুঙৰ ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে সহায়ক আছিল। তেওঁৰ ৰাজনৈতিক জ্ঞান দেখি ইন্দিৰাই তেওঁক ১৯৮৪ চনত মিজোৰামলৈ ঘূৰাই পঠিয়াই । লালডুহোমাই আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰি লোকসভাৰ সদস্য হয়। তেওঁৰ জৰিয়তেই ১৯৮৬ চনত বিদ্ৰোহী নেতা (আৰু এম এন এফৰ প্ৰতিষ্ঠাপক) লালডেংগাই শান্তি চুক্তিত স্বাক্ষৰ কৰে।

 

ইয়াৰ পিছত লালথানহাউলাৰ লগত সংঘাতৰ বাবে লালডুহোমাই প্ৰথমে কংগ্ৰেছ ত্যাগ কৰি মিজো জাতীয় সংঘ গঠন কৰে। পিছলৈ পিপংলছ কনফাৰেন্সত যোগদান কৰে। পৰৱৰ্তী গন্তব্যস্থান আছিল লালডেংগাৰ দলৰ এম এন এফ। লালডেঙাৰ মৃত্যুৰ পিছত লালডুহোমাই তেওঁৰ উত্তৰাধিকাৰী জোৰামথাংগা (এম এন এফৰ মুৰব্বী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী)ৰ সৈতে সংঘাতৰ বাবে জোৰাম জাতীয়তাবাদী পাৰ্টি গঠন কৰে। ২০০৩ আৰু ২০০৮ চনত তেওঁ বিধায়ক হয়। ২০১৮ চনত বিৰোধী দলৰ নেতা হয় তেওঁ ।

Previous Post

গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ অঘটন, ৰহস্যজনকভাৱে মৃত্যু ধেমাজিৰ যুৱকৰ

Next Post

স্বাস্থ্যজনিত কাৰণত চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ চন্দ্ৰবাবু নাইডুৰ

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
স্বাস্থ্যজনিত কাৰণত চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ চন্দ্ৰবাবু নাইডুৰ

স্বাস্থ্যজনিত কাৰণত চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ চন্দ্ৰবাবু নাইডুৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7