কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি পদত কোন প্ৰার্থী হ’ব তাক লৈ মনোনয়ন দাখিলৰ অন্তিম দিনটোলৈ আঁতৰা নাই বিভ্ৰান্তি ৷ ঘনে ঘনে সলনি হৈছে গান্ধী পৰিয়ালৰ আনুগত্য প্ৰার্থীৰ নাম ৷ ৰাজস্থানত সৃষ্টি হোৱা ৰাজনৈতিক পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলেটে সভাপতিৰ নির্বাচনত অৱতীর্ণ নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ পাছতে দিগ্বিজয় সিঙে কালি মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল ৷ কিন্তু অৱশেষত গান্ধী পৰিয়ালৰ আনুগত্য হিচাপে মল্লিকার্জুন খর্গেহে সভাপতি পদৰ নির্বাচনত শেষ মুহুর্তত অৱতীর্ণ হ’ব বুলি প্ৰকাশ পাইছে ৷
খর্গেৰ বিৰুদ্ধে জ্যেষ্ঠ নেতা শশী থাৰুৰ একমাত্ৰ প্ৰতিদ্বন্দী প্ৰার্থী হিচাপে পৰিগণিত হৈছে।প্ৰাপ্ত তথ্য অনুসৰি কংগ্ৰেছৰ “এজন ব্যক্তি, এটা পদ” নিয়ম অনুসৰি খৰ্গেই ৰাজ্যসভাত বিৰোধী নেতা হিচাপে পদত্যাগ কৰাৰ সম্ভাৱনা আছে। খৰ্গে আৰু থাৰুৰ দুয়োজনে আজি বিয়লি ৩ বজাৰ সময়সীমাৰ পূৰ্বে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে।
কালি মনোনয়ন পত্ৰ সংগ্ৰহ কৰা দিগ্বিজয় নির্বাচনত অৱতীর্ণ নহ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰে।গভীৰ নিশা অনুষ্ঠিত হোৱা এখন বৈঠকৰ পিছত কংগ্ৰেছৰ প্ৰবীণ নেতা কেচি বেনুগোপালে খাৰ্গেক জনাইছিল যে শীর্ষ নেতৃত্বই তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে ৷ সূত্ৰই জনোৱা মতে, ২০২০ চনত ছোনিয়া গান্ধীলৈ সাংগঠনিক পৰিৱৰ্তনৰ দাবীত এখন বিস্ফোৰক পত্ৰ প্ৰেৰণ কৰা “জি-২৩” গোটৰ মূল সদস্য হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাই শীৰ্ষ পদৰ বাবে খৰ্গেক সমৰ্থন কৰিছে।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কালি ছোনিয়া গান্ধীৰ ওচৰত আনুগত্যশীল বিধায়কসকলে ৰাজস্থানত কৰা বিদ্ৰোহৰ বাবে ক্ষমা খুজি সভাপতিৰ দৌৰৰ পৰা বাহিৰ হয় ৷