বিজেপিৰে মিত্ৰতা ভংগ কৰি বিহাৰত আৰজেডিৰ সহায়ত নতুন চৰকাৰ গঠন কৰিলে নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)-এ ৷ এইবাৰ দলটোৱে মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্ড়ণ কৰিছে ৷ অৱশ্যে জেডিইউৱে সমর্থন প্ৰত্যাহাৰ কৰিলেও এন বীৰেন সিং চৰকাৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই বুলি বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। অহা ৩-৪ ছেপ্টেম্বৰত পাটনাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ সময়ত জেডিইউৰ ৰাষ্ট্ৰীয় নেতাসকলৰ সৈতে দলৰ মণিপুৰ গোটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ৬০খন আসনযুক্ত বিধানসভাত ৫৫জন বিধায়কে সমৰ্থন আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে জেডি(ইউ)ৰ সাতজন সদস্য। দলটোৱে সমৰ্থন প্ৰত্যাহাৰ কৰিলেও শাসকীয় মিত্ৰজোঁটৰ সংখ্যা ৪৮ হ’ব ৷ এই সংখ্যা সংখ্যাগৰিষ্ঠতাকৈ যথেষ্ট বেছি ৷
নীতিশ কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰি এন ডি এৰ পৰা ওলাই আহিছিল যদিও জেডিইউয়ে বীৰেণ সিং চৰকাৰক বাহিৰৰ সমৰ্থন আগবঢ়াইছিল।মণিপুৰ গোটৰ সূত্রই জনোৱা মতে, নির্বাচনৰ পাছত ৭ জন বিধায়কে বীৰেণ সিং চৰকাৰক দলটো এন ডি এৰ অংশ হৈ থকাৰ বাবে সমর্থন আগবঢ়াইছিল৷
যোৱা ১০ আগষ্টত অনুষ্ঠিত হোৱা শেষৰখন ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত জেডি(ইউ)ৰ মণিপুৰ গোটে এই সন্দৰ্ভত আলোচনা কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে।চলিত মাহৰ আৰম্ভণিতে কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা সমাপ্ত কৰিছিল। ১০ আগষ্টত তেজস্বী যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, কংগ্ৰেছ আৰু একাধিক সৰু সৰু দলৰ সৈতে নতুন গ্ৰেণ্ড এলায়েন্সৰ নেতৃত্বত অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।