সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ ইংগিত দিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ৷ ছত্তীশগড়ৰ ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনা অৱসৰৰ ইংগিত প্ৰদান কৰে ছোনিয়া গান্ধীয়ে। শনিবাৰে দলৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় –“ মোক আটাইতকৈ বেছি সন্তুষ্টি দিয়া কথাটো হ’ল ভাৰত জোৰো যাত্ৰাৰ জৰিয়তে মোৰ যাত্ৰা শেষ হ’ব পাৰে।“
ৰায়পুৰ অধিৱেশনত উপস্থিত থকা ১৫ হাজাৰ এআইচিচিৰ প্ৰতিনিধিক সম্বোধন কৰি ছোনিয়াই পুত্ৰ ৰাহুলৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰাৰ প্ৰশংসা কৰে। শনিবাৰে তেওঁ কয়, ‘ভাৰত জোৰো যাত্ৰা দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট। এই যাত্ৰাই প্ৰমাণ কৰিছে যে ভাৰতৰ জনসাধাৰণে সম্প্ৰীতি, সহনশীলতা আৰু সমতা বিচাৰে।” তেওঁ বিজেপিকো অক্ৰমণ কৰি কয়, “বিজেপিয়ে সংখ্যালঘু, দলিত, জনজাতীয়, মহিলাৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে।”
ৰায়পুৰত কংগ্ৰেছ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনা ৰাষ্ট্ৰীয় পৰ্যায়ত সমভাৱপন্ন আন দলৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ ওপৰত আলোচনা হয়। প্ৰসংগক্ৰমে শুকুৰবাৰে অধিৱেশনৰ প্ৰথম দিনাই সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দলৰ উচ্চতম পৰ্যায়ৰ অৰ্থাৎ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ আধা পদ দলিত, অ’বিচি, জনজাতীয়, সংখ্যালঘু, মহিলা আৰু নৱ প্ৰজন্মৰ বাবে সংৰক্ষিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ফলত এই অধিৱেশনত কাৰ্য্যকৰী সমিতিৰ সদস্য পদৰ বাবে ভোটদানৰ কোনো সম্ভাৱনা নাই বুলি দলৰ একাংশ লোকে প্ৰকাশ কৰিছে।