২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ৰণনীতিৰ অংশ হিচাপে কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে আজি কন্যাকুমাৰীৰ পৰা ‘ভাৰত জড়ো যাত্ৰা’ আৰম্ভ কৰিব। এই যাত্ৰাত প্ৰায় ১৫০ দিনৰ ভিতৰত ৩৫০০ কিলোমিটাৰ দৈৰ্ঘ্য এই সামৰি লোৱা হ’ব ৷
১৯৯১ চনৰ ২১ মে’ত আত্মঘাতী আক্ৰমণত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু হোৱা তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত থকা পিতৃ ৰাজীৱ গান্ধীৰ স্মৃতিসৌধ দর্শন কৰি ৰাহুল গান্ধীয়ে আজিৰ দিনটোৰ কার্যসূচী আৰম্ভ কৰে।
পিতৃৰ স্মৃতিসৌধ পৰিদৰ্শন কৰাৰ পিছত ৰাহুল গান্ধীয়ে টুইট কৰি কয়, “ঘৃণা আৰু বিভাজনৰ ৰাজনীতিৰ বাবে মই দেউতাকক হেৰুৱালোঁ। মইও ইয়াৰ বাবে মোৰ প্ৰিয় দেশখন হেৰুৱাব নিবিচাৰো। প্ৰেমে ঘৃণাক জয় কৰিব। আশাই ভয়ক পৰাস্ত কৰিব। একেলগে আমি বিজয়ী হ’ম ।” বিজেপি শাসনৰ কালছোৱাত সামাজিক মেৰুকৰণ আৰু ৰাজনৈতিক কেন্দ্ৰীকৰণৰ অভিযোগ উত্থাপন কৰি গান্ধীয়ে প্ৰকাশ কৰে যে ‘ভাৰত জড়ো যাত্ৰা’ তেওঁৰ বাবে দেশখনক একত্ৰিত কৰাৰ বাবে এক ‘তপস্যা’ ৷
২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে জনসাধাৰণৰ মাজলৈ যাবলৈ গ্ৰহণ কৰা কার্যসূচীৰ অংশ হিচাপে এই পদযাত্ৰাৰ পৰিকল্পনা কৰিছে। কংগ্ৰেছৰ নেতাসকলে অৱশ্যে এয়া ৰাজনৈতিক কার্যসূচী নহয় বুলি উল্লেখ কৰি কয় যে এই যাত্ৰা দেশক একত্ৰিত কৰাৰ বাবে আৰম্ভ কৰা হৈছে।
ৰাহুল গান্ধীয়ে সন্ধিয়া কন্যাকুমাৰীৰ মহাত্মা গান্ধী মণ্ডপত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব য’ত মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে যাত্ৰা উন্মোচনৰ বাবে তেওঁক ৰাষ্ট্ৰীয় পতাকা অৰ্পণ কৰিব।
কংগ্ৰেছে যোৱা শতিকাৰ ভিতৰত দেশত আয়োজন কৰা “সৰ্বাধিক দীঘলীয়া পদযাত্ৰা” বুলি অভিহিত কৰা ৩৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰা সন্ধিয়া প্ৰায় ৫ বজাত ৰেলীৰে আৰম্ভ কৰা হ’ব ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ‘পদযাত্ৰা’ ৷
ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মী আৰু নেতাসকলে প্ৰতিদিনে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজাৰ ভিতৰত দুটা ভাগত বিভক্ত হৈ পদযাত্ৰা কৰিব ৷ অহা ১৫০ দিনত ১২খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি ল’ব।
গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে খোজ কাঢ়িব ৷ য’ত যাত্ৰাৰ সামৰণি পৰিব। তেওঁ এটা কণ্টেইনাৰত থাকিব ৷ য’ত থাকিব বিচনা, শৌচাগাৰ আৰু এয়াৰ কণ্ডিচনাৰ। সূত্ৰই জনোৱা মতে, আন অন্যান্য যাত্ৰীসকলৰ বাবেও কণ্টেইনাৰ স্থাপন কৰা হৈছে ৷ যিসকলে গান্ধীৰ সৈতে সমগ্ৰ পথছোৱা খোজ কাঢ়িব।
‘ভাৰত জড়ো যাত্ৰা’ উন্মোচনৰ বাবে কন্যাকুমাৰীতো উপস্থিত থকা ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে কয় যে কংগ্রেছৰ নেতা-কর্মীসকলে ৰাহুল গান্ধীয়ে পুনৰ দলৰ মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পক্ষত আছে৷ ইয়াৰ ফলত দলটো শক্তিশালী হ’ব বুলিও তেওঁ কয়৷
কংগ্ৰেছে কয় যে এই যাত্ৰা দলৰ এতিয়ালৈকে সৰ্ববৃহৎ ‘জন সম্পাৰ্কা কাৰ্যসূচী’ ৷ য’ত তেওঁলোকে মুদ্ৰাস্ফীতি, মূল্যবৃদ্ধি, নিবনুৱা সমস্যাকে ধৰি বিভিন্ন বিষয়ত সাধাৰণ ৰাইজৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিব। দলৰ সাংসদ জয়ৰাম ৰমেশে কয় যে এই যাত্ৰা ভাৰতীয় ৰাজনীতিৰ বাবে এক পৰিৱৰ্তনশীল মুহূৰ্ত আৰু ই দলৰ পুণৰোজ্জীৱিতকৰণৰ বাবে এক নিৰ্ণায়ক মুহূৰ্ত।