ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি জন্ম জয়ন্তী ৷ ৰাজীৱ গান্ধীৰ জন্ম দিৱসক সদ্ভাৱনা দিৱস হিচাপেও জনা যায় ৷ প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷ ৰাজীৱ গান্ধীৰ সমাধিস্থলীত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে শ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও স্মৰণ কৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৷ সাম্প্ৰদায়িক সম্প্ৰীতি, জাতীয় সংহতি আৰু শান্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজীৱ গান্ধীৰ অৱদানক চিৰযুগমীয়া কৰি ৰাখিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ১৯৯২ চনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদভাৱনা বঁটা প্ৰৱর্তন কৰে।
On his birth anniversary, tributes to our former Prime Minister Shri Rajiv Gandhi.
— Narendra Modi (@narendramodi) August 20, 2022
১৯৪৪ চনৰ ২০ আগষ্টত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ফিৰোজ গান্ধীৰ ঘৰত জন্মগ্ৰহণ কৰা ৰাজীৱ আছিল দেশৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী। ৰাজীৱ গান্ধী ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিবলৈ মুঠেও আগ্ৰহী নাছিল ৷ কিন্তু পৰিস্থিতিত বাধ্য হৈ তেওঁ ৰাজনীতিলৈ আহিছিল ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা নেহৰু-গান্ধী পৰিয়ালৰ শেষ সদস্য আছিল ৰাজীৱ গান্ধী ।
১৯৮০ চনত ভাতৃ সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰে ৰাজীৱ গান্ধীয়ে।১৯৮৪ চনত মাতৃ ইন্দিৰা গান্ধীক হত্যা কৰাৰ পিছত ৪০ বছৰ বয়সতে ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰে ৷
ৰাজীৱ গান্ধীৰ বিষয়ে কম পৰিচিত কিছু তথ্য –
– দিল্লীৰ ফ্লাইং ক্লাৱত পাইলট হিচাপে প্ৰশিক্ষণ লোৱাৰ পিছত ১৯৭০ চনত এয়াৰ ইণ্ডিয়াত কৰ্মৰত আছিল ৰাজীৱ গান্ধী।
– ৰাজীৱ গান্ধীয়ে গাড়ী চলাই ভাল পাইছিল ৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বা আন ভ্ৰমণত তেওঁ নিজে গাড়ী চলাই গৈছিল ৷
– সঞ্জয় গান্ধীৰ আকস্মিক মৃত্যুৰ পিছত ৰাজীৱ গান্ধীক ৰাজনীতিত প্ৰৱেশ কৰিব লাগে বুলি প্ৰথম পৰামৰ্শ দিছিল শংকৰাচাৰ্য্য স্বামী শ্ৰী স্বৰূপানন্দই।
– ফটোগ্ৰাফীৰ প্ৰতি ৰাজীৱ গান্ধীৰ অত্যন্ত আকৰ্ষণ আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী তথা কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ১৯৯৫ চনত ‘ৰাজীৱ গান্ধীৰ ফটোগ্ৰাফছ’ নামৰ কিতাপখন প্ৰকাশ কৰে।