৩৩ বছৰীয়া এক ৰাজনৈতিক জীৱনৰ এক বর্ণিল পৰিক্ৰমা সামৰি ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে। তিনি দশকৰো অধিক সময় ধৰি ৰাজ্যসভাৰ সদস্য হৈ থকা ড০ সিঙৰ অৱসৰৰ সকলো আনুষ্ঠানিকতা আজি সম্পন্ন হ’ব।
উল্লেখ্য যে ২০০৪ ৰ পৰা ২০১৪ লৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা ড০ সিঙে মঙ্গলবাৰে অৱসৰ গ্ৰহণ কৰে ৷১৯৯১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন পি ভি নৰসিংহ ৰাওৰ চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে ড০ সিঙে ১৯৯১ চনৰ অক্টোবৰত ৰাজ্যসভাত যোগদান কৰিছিল। ১৯৯১ ৰ পৰা ১৯৯৬ চনলৈ নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হিচাপে সফলতাৰে দায়িত্ব সম্পন্ন কৰাৰ পাছত তেওঁ ২০০৪ ৰ পৰা ২০১৪ লৈ দুটা কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।১৯৯১ চনৰ পৰা ২০১৯ চনলৈ ড০ সিঙে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত ২০১৯ চনত তেওঁ ৰাজস্থানৰ পৰা পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।
আনহাতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এক দীঘলীয়া আৱেগিক পত্ৰ লিখি কয় যে য’ ড০ সিং সদায়েই নায়ক হৈ থাকিব । মল্লিকাৰ্জুন খাৰ্গেয়ে কয়,”ড০ সিং দেশৰ মধ্যবিত্ত আৰু উচ্চাকাংক্ষী যুৱ প্ৰজন্মৰ বাবে নায়ক হৈ থাকিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ সিং উদ্যোগপতি আৰু উদ্যোগীসকলৰ বাবে নেতা আৰু পথ প্ৰদৰ্শক। “