মঙলবাৰে ৰাজস্থানত ৰাজনৈতিক শত্ৰুতা পৰিহাৰ কৰি একেখন মঞ্চতে আসন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী অশোক গেহলটে ৷ শতিকা পুৰণি মংগড় কাণ্ডৰ স্মৃতিচাৰণ অনুষ্ঠানত মোদী আৰু গেহলটক একেলগে প্ৰত্যক্ষ কৰা হয় ৷ প্ৰধানমন্ত্ৰীয়ে আজি ৰাজস্থানৰ মংগড় ধামক ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন হিচাপে ঘোষণা কৰে ৷ এই স্থানতে ব্ৰিটিছ বাহিনীয়ে ১৯১৩ চনৰ ১৭ নৱেম্বৰত ভীল সম্প্ৰদায়ৰ ১৫০০ৰো অধিক লোকক গুলীয়াই হত্যা কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- “দুৰ্ভাগ্যজনকভাৱে জনজাতি সম্প্ৰদায়ৰ সংগ্ৰামক স্বাধীনতাৰ পিছত স্বীকৃতি দিয়া নহ’ল। ভাৰতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত জনজাতীয় সমাজ অবিহনে সম্পূৰ্ণ নহ’লহেঁতেন। আমাৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতিটো পৃষ্ঠা, ইতিহাসৰ পৃষ্ঠাবোৰ জনজাতীয় শৌৰ্য্য কাহিনীৰে ভৰি আছে। মংগৰ ধাম হৈছে দৃঢ়তাৰ প্ৰতীক, জনজাতীয়সকলৰ ত্যাগৰ প্ৰতীক ৷তেওঁলোকৰ দ্বাৰা কৰা ত্যাগৰ প্ৰতি আমি ঋণী।” গুজৰাট, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বাবেও মংগড় স্মৃতিসৌধ এক ঐতিহ্য বুলিও তেওঁ লগতে কয়।
আনহাতে প্ৰবীন কংগ্ৰেছ নেতা অশোক গেহলটৰ কথাও ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় – ‘অশোক গেহলট আৰু মই একেলগে মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছো। আমাৰ স্তৰত তেওঁ আছিল আটাইতকৈ জ্যেষ্ঠ। বৰ্তমানৰ মুখ্যমন্ত্ৰী সকলৰ ভিতৰত তেওঁ এতিয়াও অন্যতম জ্যেষ্ঠ মুখ্যমন্ত্ৰী।’ মঞ্চত উপস্থিত থকা আন নেতাসকলৰ ভিতৰত আছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।
নিজৰ ভাষণত গেহলটে মোদীৰ বিষয়ে এইদৰে কয় –“যেতিয়া প্ৰধানমন্ত্ৰী মোদী বিদেশলৈ যায় তেতিয়া তেওঁ অতিশয় সন্মান লাভ কৰে। কাৰণ তেওঁ গান্ধীৰ দেশৰ প্ৰধানমন্ত্ৰী ৷যেতিয়া বিশ্বই এই কথা উপলব্ধি কৰে, তেতিয়া তেওঁলোকে সেই কথা গৌৰৱ অনুভৱ কৰে। “