বিগত পাঁচটা বিধানসভা নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দি অহা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে এৰিব পাৰে ৰাজনীতিৰ পথাৰ ৷ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল’ব বিচাৰিছে মানিক সৰকাৰে ৷ অহা ফেব্ৰুৱাৰী মাহত ত্ৰিপুৰাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ বাবে সকলো দলে ৰাজনৈতিক আৰু সাংগঠনিক প্ৰস্তুতি চলি আছে। চিপিএমৰ সূত্ৰ অনুসৰি মাণিক সৰকাৰে সংসদীয় ৰাজনীতিৰ পৰা অৱসৰ ল’বলৈ বিচৰা বুলি দলৰ শীৰ্ষ নেতৃত্বক জনাইছে। কিন্তু চিপিএম পলিটব্যুৰ’ই তেওঁৰ মতামত শুনাৰ পাছতো ততাতৈয়াকৈ কোনো সিদ্ধান্ত লোৱা নাই। ত্ৰিপুৰাৰ ৰাজ্যিক চিপিএম নেতৃত্বৰ মতামত বিচৰা হৈছে। তাত থকা ৰাজ্যিক সমিতিখনক এই সন্দৰ্ভত আলোচনা কৰিবলৈ কোৱা হৈছে। ইয়াৰ পাছত ২৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ কলকাতাত অনুষ্ঠিত হ’বলগীয়া দলটোৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত ত্ৰিপুৰাৰ ৰাজনৈতিক কৌশলৰ সমান্তৰালকৈ মাণিক সৰকাৰৰ অৱসৰৰ বিষয়তো সিদ্ধান্ত লোৱা হ’ব পাৰে।
মাণিক সৰকাৰ আশীৰ দশকৰ পৰা ৭ বাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে। তেওঁ একেৰাহে ২০ বছৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল। বাওঁ চৰকাৰে ত্ৰিপুৰা এৰি বিজেপি ক্ষমতালৈ অহাৰ পাছত কঠিন সময়ত তেওঁ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিছিল। ২০১৮ চনৰ পৰা তেওঁ বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
সংসদীয় ৰাজনীতিৰ উপৰিও চিপিএমৰ সংগঠনৰ ক্ষেত্ৰতো মাণিক সৰকাৰ এজন গুৰুত্বপূৰ্ণ নেতা। বিগত ৫০ বছৰ ধৰি ত্ৰিপুৰাত দলৰ ৰাজ্যিক সমিতিৰ সদস্য। পাঁচ বছৰ ধৰি তেওঁ দলৰ ৰাজ্যিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰায় ডেৰ দশক ধৰি তেওঁ পলিটব্যুৰোত আছে। স্বাভাৱিকতে তেওঁ যদি মতামত প্ৰকাশ কৰে তেন্তে দলৰ বাবে নাকচ কৰাটো কঠিন হৈ পৰে।