গোৱাৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত মনোহৰ পাৰিকৰৰ পুত্ৰ উৎপল পাৰিকৰে ত্যাগ কৰিছে বিজেপি ৷ পিতৃয়ে প্ৰতিদ্বন্দিতা কৰা পানাজীৰ পৰা বিজেপিয়ে তেওঁক টিকট প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পাছতে শুকুৰবাৰে বিজেপি এৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পাছতে সমষ্টিটোৰ পৰা তেওঁ নির্দলীয় ভাৱে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিজেপি ত্যাগ কৰাৰ পাছতে উৎপল পাৰিকৰে কয় যে “মোৰ মূল্যবোধৰ বাবে স্থিতি লোৱাৰ সময় আহি পৰিছে ৷ পানাজীৰ ৰাইজে মোৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব ৷” উল্লেখ্য যে গোৱাৰ বিজেপিৰ প্ৰখ্যাত নেতাসকলৰ অন্যতম হৈছে মনোহৰ পাৰিকৰ ৷ ২০১৯ চনত তেওঁৰ মৃত্যুৰ আগলৈকে ২৫ বছৰ ধৰি পানাজী সমষ্টিৰ পৰা তেওঁ একেৰাহে নির্বাচনত জয়লাভ কৰিছিল ৷ কিন্তু তেওঁৰ মৃত্যুৰ পাছত দলটোৰ পচন্দ আছিল বিতৰ্কিত তথা মনোহৰ পাৰিকৰৰ আজীৱন প্ৰতিদ্বন্দী বিধায়ক আতানাচিঅ’ বাবুছ মনচেৰেট ৷
উৎপল পাৰিকৰে সংবাদ মাধ্যমৰ আগত কয়, “মই যোৱা আৰু এই নিৰ্বাচনৰ সময়তো দলক বুজাবলৈ যথাসাধ্য চেষ্টা কৰিছিলো যে মই কেৱল দলৰ সকলো সদস্যৰ সমৰ্থনে লাভ কৰা নাই, বৰঞ্চ মই পানাজীৰ সাধাৰণ লোকসকলৰ সমৰ্থনো লাভ কৰিবলৈ সক্ষম হৈছো ৷ তৎসত্বেও মই পানাজী সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম নহ’লো । সুবিধা ল’বৰ বাবে দললৈ অহা এজন ব্যক্তিক ইয়াৰ টিকট দিব বিচৰা হৈছে ৷ সেয়েহে পানাজীৰ লোকসকলে মোৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰাতো মই বিচাৰো ৷”লক্ষণীয় যে ২০১৯ চনত উৎপল পাৰিকৰে তেওঁৰ দেউতাকৰ মৃত্যুৰ পিছত খালী হোৱা পানাজী আসনৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু দলটোৱে সিদ্ধাৰ্থ কুনকলিয়েংকাৰক টিকট প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত বিজেপি ২৫ বছৰৰ পিছত কংগ্ৰেছৰ হাতত আসনখন হেৰুৱায় ৷ মনচেৰাটে সমষ্টিটোত বিজয় সাৱ্যস্ত কৰে ৷ ধৰ্ষণৰ গোচৰত অভিযুক্ত আতানাচিঅ মনচেৰাটে ২০১৯ চনৰ জুলাই মাহত আন নজন কংগ্ৰেছ নেতাৰ সৈতে শিবিৰ সলনি কৰিছিল। গোৱাৰ ৪০ জনীয়া ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব আৰু ভোটগণনা ১০ মাৰ্চত অনুষ্ঠিত হ’ব।