ৰাষ্ট্ৰীয় পৰ্যায়ত নহয়, মৰুৰাজ্যৰ ক্ষুব্ধ নেতা শচীন পাইলটে ৰাজস্থান কংগ্ৰেছত গুৰুত্বপূৰ্ণ স্থান বিচাৰিছে। কংগ্ৰেছৰ এটা অংশই চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভা নিৰ্বাচনত গেহলটক মুখ্যমন্ত্ৰী হিচাপে স্থানচ্যুত কৰি নিৰ্বাচনমুখী ৰাজস্থানত অশোক গেহলট বনাম শচীন পাইলটৰ সংঘাত সমাধানৰ প্ৰস্তাৱ আগবঢ়াইছে । সেই ক্ষেত্ৰত পাইলটক এআইচিচিত ডাঙৰ দায়িত্ব দিয়া হ’ব পাৰে। কিন্তু সূত্ৰ অনুসৰি পাইলটে নিজৰ ৰাজ্যত কাম কৰিবলৈ আগ্ৰহী।মহাৰাষ্ট্ৰত অজিত পাৱাৰ আৰু প্ৰফুল্ল পেটেলৰ নেতৃত্বত এন চি পিৰ নেতাসকলে বিজেপিৰ সৈতে হাত মিলাই কংগ্ৰেছ হাইকমাণ্ডৰ বাবে আতংকৰ সৃষ্টি কৰিছে।
সেয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই সপ্তাহতে নিৰ্বাচনমুখী ৰাজস্থানৰ দলীয় সংঘাতৰ সমাধানৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিব বিচাৰিছে। সূত্ৰ অনুসৰি বৃহস্পতিবাৰে খার্গেৰ সৈতে ৰাজস্থানৰ নেতাসকলৰ বৈঠক হ’ব পাৰে।চলিত বৰ্ষত মিজোৰামৰ লগতে ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ, তেলেংগানাত নির্বাচন অনুষ্ঠিত হ’ব ৷ আজি খাৰ্গে মিজোৰামৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয়। ৰাহুল গান্ধীয়েও সভাত অংশগ্ৰহণ কৰে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে দলিত, জনজাতি নেতৃত্ব গঢ়ি তুলিব বিচাৰিছে। ইয়াৰ লগে লগে বুধবাৰৰ পৰা আৰম্ভ হৈছে ‘লিডাৰশ্বিপ বিল্ডিং মিছন’ কাৰ্যসূচী। কংগ্ৰেছৰ সূত্ৰ অনুসৰি এই বৈঠকত ১৮খন ৰাজ্যৰ অনুসূচিত জাতি আৰু জনজাতিৰ ১৮০জন নেতাই অংশগ্ৰহণ কৰিব। তেলেংগানা আৰু হিন্দী সমষ্টিৰ ২০০ অনুসূচিত জাতি, জনজাতি সংৰক্ষিত সমষ্টিৰ সমন্বয়কসকলে অংশগ্ৰহণ কৰিব।