বিজেপিয়ে লোকসভা নিৰ্বাচনত বিৰোধী ‘ইণ্ডিয়া’ৰ মুখামুখি হ’বলৈ মিত্ৰতাৰ ৰাজনীতিৰ গুৰুত্ব আৰোপ কৰিছে ৷ ৩১ জুলাইৰ পৰা ১০ আগষ্টলৈ এন ডি এৰ ১১টা দলৰ মুঠ ৪৩০ জন লোকসভা আৰু ৰাজ্যসভাৰ সাংসদৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সুকান্ত মজুমদাৰ, দিলীপ ঘোষকে ধৰি পশ্চিম বংগৰ সাংসদসকলক বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ সাংসদসকলৰ এই ধাৰাবাহিক বৈঠকৰ প্ৰথম দিন অৰ্থাৎ ৩১ জুলাইত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।
এন ডি এৰ সাংসদসকলৰ সেই বৈঠকসমূহত মোডীৰ লগতে বিজেপিৰ সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী উপস্থিত থাকিব। বিজেপিৰ সূত্ৰ অনুসৰি এই বৈঠকৰ লক্ষ্য হৈছে লোকসভা নিৰ্বাচনৰ বাবে এন ডি এৰ অংশীদাৰসকলৰ মাজত সহযোগিতা আৰু সমন্বয় বৃদ্ধি কৰা। প্ৰসংগক্ৰমে ১৮ জুলাইত বেংগালুৰুত ২৬টা বিৰোধী দলৰ বৈঠকত অংশীদাৰসকলৰ সৈতে ‘সুসম্পৰ্ক’ গঢ়ি তোলাৰ দিনা দিল্লীত এন ডি এৰ বৈঠক অনুষ্ঠিত হৈছিল। প্ৰায় চাৰি বছৰৰ মূৰত আয়োজিত এন ডি এৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে।
বিজেপিৰ সূত্ৰই লাভ কৰা এন ডি এৰ বৈঠকৰ সূচী অনুসৰি প্ৰতিখন বৈঠকতে তিনি-চাৰিজন সাংসদক সমন্বয়ৰ দায়িত্ব দিয়া হৈছে। অহা ৩১ জুলাইত উত্তৰ প্ৰদেশৰ বুণ্ডেলখণ্ড আৰু ব্ৰজ অঞ্চল, বংগ, ঝাৰখণ্ড আৰু ওড়িশাৰ ৮৩ জন এন ডি এৰ সাংসদৰ দুটা গোটে এই বৈঠকত অংশগ্ৰহণ কৰিব। সঞ্জীৱ বলিয়ান, বি এল বাৰ্মা আৰু ধৰ্মেন্দ্ৰ প্ৰধান সমন্বয়ক হিচাপে থাকিব।
অহা ২ আগষ্টত উত্তৰ প্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক, কেৰালা, পুডুচেৰী, আন্দামান আৰু লক্ষদ্বীপৰ পৰা ৯৬ জনীয়া সংসদৰ বৈঠক অনুষ্ঠিত হ’ব ৷ অহা ৩ আগষ্টত অনুৰাগ ঠাকুৰ, নিত্যানন্দ ৰায় আৰু অজয় ভাটকে ধৰি বিহাৰ, দিল্লী, পঞ্জাব, হিমাচল প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ আৰু লাডাখৰ ৬৩ জনীয়া দুটা দলে মোডীক সাক্ষাৎ কৰিব।
পৰৱৰ্তী বৈঠক হ’ব ৮ আগষ্টত। ভাৰতী পাৱাৰ আৰু কপিল পাটিলে মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু গোৱাৰ ৭৬ গৰাকী সাংসদৰ দুয়োটা গোটৰ সমন্বয়ক হিচাপে কাম কৰিব। গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, দমন দিউ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ এন ডি এৰ সাংসদসকলে অহা ৯ আৰু ১০ আগষ্টত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব পাৰে বুলি ইংগিত দিছে বিজেপিয়ে।