প্ৰায় পঞ্চাশটা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে শুকুৰবাৰ আৰু শনিবাৰে দুদিনত চাৰিখন ৰাজ্য ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্রীয় চৰকাৰৰ আভ্যন্তৰীণ প্রতিবেদন অনুসৰি প্রধানমন্ত্রীয়ে লোকসভা নির্বাচনৰ পূর্বে অহা ৯ মাহৰ ভিতৰত সমগ্ৰ দেশ ভ্ৰমণ কৰি পাঁচশতাধিক প্রকল্পৰ উদ্বোধনী বা আধাৰশিলা স্থাপন কৰিব৷ তাৰ সমান্তৰালকৈ অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনীও লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ’ব।
কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়ে এতিয়া ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। পথ, দলং, ৰেল ষ্টেচন, চিকিৎসালয়, নদী ঘাট, উৰণীয়া সেতু, নিষ্কাশন প্ৰকল্পৰ তালিকা প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে তিনিশৰো অধিক প্ৰকল্প চিনাক্ত কৰা হৈছে, যাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ লগে লগে দুশৰো অধিক প্ৰকল্প উদ্বোধন কৰা হ’ব। চৰকাৰী সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীয়ে সাধাৰণতে এই প্ৰতিটো প্ৰকল্পৰ আধাৰশিলা বা উদ্বোধনী অনুষ্ঠানত ভাষণ দিব। প্ৰতিটো অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে খোদ চৰকাৰৰ সাফল্যৰ বৰ্ণনা কৰিব। কাৰ্যতঃ ই ৰাজহুৱা সভাৰ ৰূপ ল’ব।
আমোদজনক কথাটো হ’ল এই তালিকাখন দীঘলীয়া কৰিবলৈ এনে বহু প্ৰকল্প ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে, যিসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও আধাৰশিলা স্থাপন বা উদ্বোধন কৰিবলৈ নাযায়। স্থানীয় মন্ত্ৰী বা প্ৰশাসনৰ মুৰব্বীয়ে তেনে আধাৰশিলা স্থাপন কৰে। শুকুৰবাৰ আৰু শনিবাৰে এই দুদিনত প্ৰধানমন্ত্ৰীয়ে চত্তীশগড়, উত্তৰ প্ৰদেশ, তেলেংগানা আৰু ৰাজস্থান ভ্ৰমণ কৰিব। দুদিনত মুঠ ৫০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। লগতে তেওঁ বহুকেইটা প্ৰকল্প উদ্বোধন কৰিব। উত্তৰ প্ৰদেশৰ প্ৰধানমন্ত্ৰী লোকসভা সমষ্টি বাৰাণসীত ১২ হাজাৰ কোটি টকাৰ এই প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব মোদীয়ে। ইয়াৰ ভিতৰত দ্বৈত ৰে’লপথ, বৈদ্যুতিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন অংশৰ নির্মাণ , ছোৱালীৰ হোষ্টেল, আৰক্ষী থানাৰ থকাৰ ব্যৱস্থা, অগ্নিনিৰ্বাপক বাহিনীৰ থানা, বিজ্ঞাপন-স্তম্ভ, মণিকৰ্ণিকা আৰু দশশ্বমেধ ঘাট মেৰামতি, গংগাত ভাসমান চেঞ্জিং হাউচ আদি।
লোকসভা নিৰ্বাচনৰ পূৰ্বে বহু প্ৰকল্প সম্পূৰ্ণ আৰু উদ্বোধন বা প্ৰকল্প অনুমোদন আৰু আধাৰশিলা স্থাপনৰ উদ্দেশ্যেও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সক্ৰিয় হৈ আছে। যোৱা সপ্তাহত প্রধানমন্ত্রীয়ে প্রায় ১৪খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ বিভিন্ন প্রকল্পৰ অগ্রগতিৰ পর্যালোচনা কৰিছিল৷ ইয়াৰ পূৰ্বে কেবিনেট সচিবে বিভিন্ন মন্ত্ৰালয়ৰ সৈতে বৈঠকত মিলিত হৈছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও বাজেট কাৰ্যকৰী সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিবসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বিত্ত মন্ত্ৰালয়ৰ এজন বিষয়াই মন্তব্য কৰে যে ৯ মাহৰ আগৰ পৰাই সমগ্ৰ চৰকাৰে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিব ৷