আজি মণিপুৰৰ ৬খন জিলাৰ ২২টা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ উক্ত নিৰ্বাচনত ৯২জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব মণিপুৰৰ এই ২২টা সমষ্টিৰ ভোটাৰ সকলে ৷ নিৰ্বাচন আয়োগৰ মতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৮,৪৭,৪০০জন ৷ তাৰে ৪,১৮,৪০১জনপুৰুষ ,৪,২৮,৯৬৮ গৰাকী মহিলা আৰু ৩১গৰাকী ট্ৰেন্সজেণ্ডাৰ ৷ ৰাজ্যখনত শাসনাধিষ্ঠ বি জে পিয়ে ২২খন আসনতে প্ৰাৰ্থী প্ৰদান কৰিছে ৷আনহাতে কংগ্ৰেছে ১৮খন আৰু জে ডি ইউ আৰু এন প এফে ১০খন ,এন পি পিয়ে ১১খন, শিৱসেনা আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে ২খনকৈ আসনত প্ৰাৰ্থী আগবঢ়াইছে ৷ আনহাতে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ আসন আছে তিনিখন ৷
এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ১,২৪৭টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ সৰ্বাধিক ভোটকেন্দ্ৰ থকা থৌবালত ৩৯৫টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ মণিপুৰৰ ৯২জন প্ৰাৰ্থীৰ ভিতৰত চি পি আইৰ ৱাই ৰোমিতা আৰি বিজেপিৰ এছ এছ অলিছেই হ’ল মহিলা প্ৰাৰ্থী ৷