অহা ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া উত্তৰ লক্ষীমপুৰ জিলাৰ পৌৰসভা নিৰ্বাচনৰ উখল মাখল পৰিবেশ ৷ ইতিমধ্যেই সকলো দলৰ প্ৰাৰ্থীয়ে ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছে ৷যোৱা ৩মাৰ্চত লক্ষীমপুৰ চহৰৰ মাজমজিয়াত থকা ত্যাগ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ এখন প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত লক্ষীমপুৰ অঞ্চলৰ সহস্ৰাধিক ৰাইজৰ লগতে উপস্থিত থাকে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকা আৰু বহুকেইজন জেষ্ঠ লোক। পৌৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা সকলক উৎসাহ আৰু শুভেচ্ছা প্ৰদান কৰাৰ বাবে এই প্ৰচাৰ সভাখন অনুষ্ঠিত কৰা হয়।