তৃণমূল কংগ্ৰেছত যোগদান কৰিব সাংসদ নৱ কুমাৰ শৰণীয়াই৷ তামুলপুৰত অনুষ্ঠিত এক সংবাদমেলত এই কথাৰ ইংগিত দিয়ে সাংসদ গৰাকীয়ে।
তেখেতে এই সন্দৰ্ভত কংগ্ৰেছৰ উচ্চস্তৰীয় বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথাও প্ৰকাশ কৰে। কিন্তু কেৱল নৱ কুমাৰ শৰণীয়া নে সমগ্ৰ গণ সুৰক্ষা পাৰ্টী কংগ্ৰেছত চামিল হ’ব সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।
সংবাদ মেলত সাংসদ গৰাকীয়ে মন্তব্য কৰে যে অসমত ২৫ লাখতকৈও অধিক হিন্দু বাঙালী লোক আছে। অসমৰ ভাষা-সংস্কৃতি বা অৰ্থনৈতিক দিশত তেখেতসকলৰ যথেষ্ঠ অৰিহণা আছে। কিন্তু তৎসত্বেও তেখেতসকলক বহুতে বাংলাদেশী বুলি গণ্য কৰে। যদিহে তেখেতসকলক লগত লৈ ওলাই আহিব পাৰি তেতিয়া তৃণমূল বা অন্যান্য দলে অগ্ৰাধিকাৰ পাব।
লগতে তেখেতে কয় যে সৰ্বভাৰতীয় পৰ্যায়ৰ এটা শক্তিশালী দল লগত থাকিলে তেঁওলোকে নিশ্চিত ভাৱে অনাগত সময়ত বিটিছি কাউন্সিল দখল কৰিব পাৰিব বা চৰকাৰ গঠন কৰিব পাৰিব। লগতে এম এল এ বা এম পি নিৰ্বাচনতো সুবিধা হ’ব।
ইয়াৰ উপৰি শৰণীয়াই উল্লেখ কৰে যে তৃণমূল কংগ্ৰেছে খোপনি পুতিলে এয়া অসমৰ বাবে ভাল কথাই হ’ব। শক্তিশালী বিৰোধী নহ’লে শাসক স্বেচ্ছাচাৰী হয় বুলিও তেখেতে উল্লেখ কৰে। আৰু তৃণমূল কংগ্ৰেছে সেই ভূমিকা পালন কৰিব বুলি সাংসদ গৰাকীয়ে আশা প্ৰকাশ কৰে।