এন এছ চি এন (আই এম) ৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা চলি থকাৰ মাজতে অন্যতম মধ্যস্থতাকাৰী ভূমিকা পালন কৰি থকা নাগালেণ্ডৰ পূৰ্বৰ ৰাজ্যপাল আৰ এন ৰবিয়ে পদত্যাগ পত্ৰ দাখিল কৰিছে।
২০১৪ চনৰ পৰা নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী ৰূপে কাৰ্য নিৰ্বাহ কৰি থকা ৰবিক যোৱা ৯ ছেপ্টেম্বৰত তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছে।ইতিমধ্যে ৰবিয়ে প্ৰেৰণ কৰা পদত্যাগ পত্ৰ কেন্দ্ৰীয় গৃ্হ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাৰ সৈতে ৰবিৰৰ এক মতবিৰোধ হোৱাত মুইভাই ২০২০ চনত প্ৰধানমন্ত্ৰী মোডীলৈ ৰবিক মধ্যস্থতাকাৰীৰ পদৰ পৰা অপসাৰিত কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল।
ইয়াৰপিছতেই প্ৰধান মন্ত্ৰীৰ নিৰ্দেশত কেন্দ্ৰীয় গৃহ সচিবে আৰ এন ৰবিৰ ঠাইত পূৰ্বৰ চোৰাংচোৱা বিভাগৰ অতিৰিক্ত সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰক এই শান্তি আলোচনা আগবঢ়াই নিবলৈ দায়িত্ব অৰ্পণ কৰিছিল।
সেইমৰ্মে মিশ্ৰই ২০২০ চনৰে পৰা নগা শান্তি চুক্তিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰি বিভিন্ন নগা গোট সমূহৰ লগত আলোচনা চলাই নিছিল।