নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক ৰাৱনৰ সৈতে বিজেপিয়ে তুলনা কৰাক লৈ তীব্ৰ বিতর্কৰ সৃষ্টি হৈছে ৷ বিজেপিৰ টুইটাৰ পেজত আপলোড কৰা এটা ফটোত ৰাৱনৰ দৰে ১০ টা মূৰ সংলগ্ন কৰি ৰাহুল গান্ধীৰ এখন বিকৃত ফটো আপলোড কৰা হৈছে ৷ এই ফটোখন আপলোড কৰি লিখিছে –“ৰাৱন, কংগ্ৰেছ দলৰ প্ৰযোজনা,জর্জ ছৰ’ছৰ দ্বাৰা পৰিচালিত ৷”উল্লেখ্য যে সঘনাই জর্জ ছৰ’ছক বিজেপিয়ে আক্ৰমণৰ লক্ষ্য কৰি আহিছে ৷ জর্জ ছ’ৰছ হৈছে এজন হাংগেৰিয়ান-আমেৰিকান ব্যৱসায়ী যিয়ে বিভিন্ন দেশৰ আভ্যন্তৰীন সংঘাতৰ বাবে কাম কৰা সংগঠনক ধন যোগান ধৰে বুলি ভবা হয় ৷
বিজেপিয়ে লগতে কয় –“এয়া নতুন সময়ৰ ৰাৱন ৷তেওঁ দানৱ ৷ ধর্ম বিৰোধী ৷ ৰাম বিৰোধী ৷ ভাৰতক ধ্বংস কৰাই তেওঁৰ লক্ষ্য ৷ “
ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কংগ্ৰেছ নেতা কে চি বেণুগোপালে কয় –“ বিজেপিৰ হেণ্ডেলত ৰাহুল গান্ধীক ৰাৱণৰ লগত তুলনা কৰা প্ৰকাশ কৰা লজ্জাজনক গ্রাফিকক নিন্দা কৰিবলৈ কোনো শব্দই যথেষ্ট নহয়৷ তেওঁলোকৰ কুৎসিত উদ্দেশ্য স্পষ্ট, তেওঁলোকে তেওঁক হত্যা কৰিব বিচাৰে।“
ইপিনে আজি সমগ্ৰ দেশজুৰি কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷ আজি অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ ৰাজীৱ ভৱনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ বিজেপি গ’ বেক. নৰেন্দ্ৰ মোদী গ’ বেক আদি শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰীসকলে ৷ অৱশ্যে তেওঁলোকক ৰাজীৱ ভৱনৰ পৰা ওলাই অহাত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি মীৰা বৰঠাকুৰে বিজেপিৰ এই কার্যক তীব্ৰ সমালোচনা কৰে ৷