কেইবাদিনো ধৰি চলি থকা ৰাজনৈতিক জল্পনা-কল্পনাৰ অন্তত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা আজি পদত্যাগ কৰিলে নীতিশ কুমাৰে। আজি পুৱা কুমাৰে বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে।
পদত্যাগৰ পাছত সাংবাদিকৰ আগত তেওঁ কয়, “মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছো আৰু এই চৰকাৰৰ অন্ত পেলাইছো। নতুন মিত্ৰজোঁটৰ বাবে মই পূৰ্বৰ মিত্ৰজোঁট এৰিছো । পৰিস্থিতি ঠিক নাছিল। গতিকে মই পদত্যাগ কৰিছো।”ইয়াৰ পিছত কি হ’ব সেই সন্দৰ্ভত তেওঁ কয় যে “দলসমূহৰ বৈঠক হ’ব আৰু সিদ্ধান্ত লোৱা হ’ব”।
তেওঁ ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ৷ এই বছৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্য লোৱা বিৰোধী মিত্ৰজোঁটৰ কথা উল্লেখ কৰি তেওঁ কয় ‘মই মিত্ৰতাজোঁট গঠন কৰিলোঁ, কিন্তু কোনেও একো কৰা নাছিল।“
ৰাজনৈতিক কেৰিয়াৰত এয়াই হৈছে নীতিশ কুমাৰৰ পদত্যাগ ৷ সুশাসনৰ মাজেৰে ভোটাৰৰ মাজত জনপ্ৰিয়তা লাভ কৰা নীতিশ কুমাৰে কংগ্ৰেছৰ মিত্ৰতা এৰি বিজেপিৰ এনডিএ মিত্ৰজোঁটৰ অংসীদাৰ হোৱাতো ৰাজনৈতিক ইতিহাসত এক গুৰুত্বপূর্ণ ঘটনা হিচাপে বিবেচিত হৈছে ৷ আজিয়েই বিতয়লিৰ ভাগত পুনৰ তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে ৷