নিৰ্বাচনী ৰণনীতিবিদ হিচাপে খ্যাত প্ৰশান্ত কিশোৰে যোগদান কৰিব নেকি কংগ্ৰেছত ? বিগত তিনিদিনত দুবাৰকৈ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক প্ৰশান্ত কিশোৰে সাক্ষাৎ কৰাৰ পাছতে ৰাজনৈতিক মহলত এই বিষয়টোৱে লাভ কৰিছে চর্চা ৷ পিছে কংগ্ৰেছৰ সর্বোচ্চ পদত অধিষ্ঠিত হৈ থাকিলেও পুত্ৰ –কন্যাক নোসোধাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে ছোনিয়াই ৷ পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে আলোচনা কৰাৰ পাছতহে প্ৰশান্ত কিশোৰৰ যোগদান নিশ্চিত কৰিব ছোনিয়াই ৷ অর্থাৎ ৰাহুল-প্ৰিয়ংকাৰ সেউজ সংকেত পালেহে কংগ্ৰেছত যোগদানৰ সুযোগ পাব প্ৰশান্ত কিশোৰে ৷ দলটোৰ এক শীর্ষ নেতাই এই কথা সদৰী কৰিছে সংবাদ মাধ্যমক ৷ নেতাজনে কয়-“চূড়ান্ত সিদ্ধান্ত ছোনিয়া গান্ধীৰ ওপৰত এৰি দিয়া হৈছে ৷ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে আলোচনা কৰি প্ৰশান্ত কিশোৰৰ সঠিক ভূমিকা আৰু তেওঁ দলত যোগদান কৰিব নে ২০২৪ চনৰ বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে দলৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিব, সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব। “
কংগ্ৰেছৰ এখন কমিটীক প্ৰশান্ত কিশোৰৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ ছোনিয়া গান্ধীয়ে নির্দেশ দিছে ৷ দলটোৱে শীঘ্ৰেই ইয়াৰ চিন্তা-চৰ্চাৰ লগতে প্ৰশান্ত কিশোৰৰ যোগদানৰ কথা ঘোষণা কৰিব বুলি আশা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দৰে ব্যক্তিৰ সৈতে কাম কৰি নিৰ্বাচনী বিজয় প্ৰদান কৰা প্ৰশান্ত কিশোৰে শনিবাৰে গান্ধীৰ সন্মুখত এক প্ৰেজেণ্টেচন আগবঢ়ায়।