দেশৰ কেইবাখনো ৰাজ্যত চৰকাৰ সলনিৰ বাবে গেৰুৱা দল বিজেপিয়ে ‘অপাৰেচন লটাছ’ চলাই অহা বুলি চর্চিত হৈ আহিছে ৷ এইবাৰ তেলেংগানাত বিজেপিয়ে এই ‘অপাৰেচন লটাছ’ আৰম্ভ কৰা বুলি অভিযোগ উঠিছে ৷ ৰাজ্যখনৰ শাসকীয় তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ চাৰিজন বিধায়কক বিজেপিত যোগদানৰ বাবে উৎকোচ প্ৰদানত জড়িত তিনিজন লোকক বুধবাৰে আৰক্ষীয়ে দাবী কৰাৰ পিছতে তেলেংগানাত “অপাৰেচন লটাছ”ৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি যোৱা নিশা এটা ফাৰ্ম হাউচত এক গোপন আলোচনাত এজন শীর্ষ নেতাক ১০০ কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱ দিয়া হৈছিল ৷
আৰক্ষীয়ে দাবী কৰে যে ইয়াৰে এজন বিধায়ক পাইলট ৰোহিত ৰেড্ডীয়ে এই “চুক্তি”ৰ বিষয়ে তেওঁলোকক খবৰ দিছিল। চাৰিজন বিধায়কৰ বাবে ২৫০ কোটি টকা প্ৰদানৰ কথা চলিছিল বুলি অভিযোগ উত্থাপন কৰি ৰেড্ডীয়ে এজাহাৰ দাখিল কৰিছে ৷
হাৰিয়ানাৰ ফৰিদাবাদৰ এজন পুৰোহিত সতীশ শৰ্মা ওৰফে ৰাম চন্দ্ৰ ভাৰতী, তিৰুপতিৰ ডি ছিমহায়াজী আৰু হায়দৰাবাদৰ ব্যৱসায়ী নন্দকুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ । আৰক্ষীয়ে দাবী কৰে যে তেওঁলোক বিজেপিৰ সৈতে জড়িত।
তেলেংগানাৰ আৰক্ষী অধীক্ষক ষ্টিফেন ৰবীন্দ্ৰই প্ৰকাশ কৰা অনুসৰি বিধায়কসকলে আৰক্ষীক ফোন কৰি যে তেওঁলোকক দল সলনি কৰিবলৈ প্ৰলোভিত আৰু উৎকোচ দিয়াৰ কথা প্ৰকাশ কৰিছিল ৷ দল সলনি কৰিলে বৃহৎ পৰিমানৰ টকা আৰু পদৰ প্ৰস্তাৱ দিয়া হৈছে ৷
ৰোহিত ৰেড্ডীৰ বাবে ১০০ কোটি টকাৰ উপৰিও বাকী তিনিজন বিধায়কক ৫০ কোটিকৈ প্ৰদান কৰিব বিচৰাৰ তথ্য এজাহাৰত উল্লেখ কৰা হৈছে ৷ যদি তেওঁলোকে বিজেপিত যোগদান নকৰে তেন্তে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় অথবা ,চিবিআইৰ অপৰাধমূলক গোচৰ ৰুজু কৰি অভিযান হ’ব ভাবুকি দিয়া বুলিও উল্লেখ কৰা হৈছে ৷ অৱশ্যে আজি বিজেপিয়ে এই অভিযোগ নাকচ কৰি এই কাহিনী মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ সৃষ্টি বুলি প্ৰকাশ কৰিছে ৷