VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মন্দিৰ দর্শন-চাই পে চর্চা- আকস্মিক ৰেল ষ্টেচন পৰিদর্শন –বাৰাণসীবাসীৰ মন জয় কৰিবলৈ প্ৰধানমন্ত্ৰীৰ ব্যস্ততাপুর্ণ কার্যসুচী

voicedesk by voicedesk
March 5, 2022
in ৰাজনীতি
মন্দিৰ দর্শন-চাই পে চর্চা- আকস্মিক ৰেল ষ্টেচন পৰিদর্শন –বাৰাণসীবাসীৰ মন জয় কৰিবলৈ প্ৰধানমন্ত্ৰীৰ ব্যস্ততাপুর্ণ  কার্যসুচী
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ বিধানসভাৰ অন্তিম পর্যায়ৰ ভোটগ্ৰহণৰ পূর্বে  শাসনাধিষ্ঠিত বিজেপিয়ে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ দলটোৰ শীর্ষ নেতাসকলে ৰাজ্যখনত বাহৰ পাতি দিনে-নিশাই প্ৰচাৰ চলাই আহিছে ৷ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত বাহৰ পাতি অহা ৭ মার্চত অনুষ্ঠিত হ’বলগীয়া অন্তিম পর্যায়ৰ ভোটগ্ৰহনৰ পূর্বে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ নিজে প্ৰতিনিধিত্ব কৰা লোকসভা সমষ্টি বাৰাণসীত মেগা ৰেলীৰ লগতে মন্দিৰ দর্শন , চাই পে চর্চাৰ জৰিয়তেও ভোটাৰৰ মন আকর্ষণৰ চেষ্টা চলাই ৷ কালি নির্বাচনী প্ৰচাৰৰ মাজতে  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আকস্মিকভাৱে  পৰিদৰ্শন কৰে বাৰাণসী কাণ্ট ৰেল ষ্টেচন। প্ৰধানমন্ত্ৰীয়ে এই ৰে’ল ষ্টেচনত যাত্ৰীৰ  সৈতে বাৰ্তালাপ কৰে।  তেওঁ ৰেলষ্টেচনটোৰ দোকানীসকলৰ সৈতে  ব্যৱসায় সন্দর্ভত বিভিন্ন কথা পাতে ৷ ইপিনে কালি দিনৰ ভাগত মোদীয়ে মেগা ৰেলীত অংশগ্ৰহণ কৰাৰ লগতে কাশী বিশ্বনাথ মন্দিৰ দর্শন কৰা ৷ য’ত তেওঁ  ভক্তসকলৰ সৈতে ডম্বৰু বজোৱা পৰিলক্ষিত হয় ৷ মেগা ৰেলীৰ পাছত কাণ্ট ৰেল ষ্টেচন পৰিদর্শনৰ সময়ত এখন চাহৰ দোকানত মাটিৰ কাপত মোদীয়ে গ্ৰহণ কৰে চাহ ৷ চাহ দোকানীসকলৰ সৈতে তেওঁ মত বিনিময় কৰে ৷ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বাৰাণসীত  মেগা ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ সময়তো এখন চাহ দোকানত চাহ খাইছিল ৷  তেওঁৰ ৰোড শ্ব’টো কেণ্টনমেণ্ট, বাৰাণসী উত্তৰ আৰু বাৰাণসী দক্ষিণৰ তিনিটা বিধানসভা সমষ্টি  সামৰি লোৱা হৈছিল।  প্ৰধানমন্ত্ৰীৰ উপৰৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও বাৰানসীত প্ৰচাৰ  চলাইছিল ৷

আন ৰাজনৈতিক হেভিৱেট নেতাসকলেও শুকুৰবাৰে বাৰাণসীত উপস্থিত হৈছে । সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে সন্ধিয়া এটা ৰোড শ্ব’ অনুষ্ঠিত কৰে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে জিলাখনত এক ৰেলী অনুষ্ঠিত কৰে। আজি প্ৰচাৰ অভিযান সামৰি দিল্লীলৈ ওভতিব মোদী ৷

Previous Post

আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকত সমূহে অষ্ট্ৰেলিয়ান লেগ স্পীনাৰ শ্বেন ৱাৰ্ণৰ মৃত্যুত কেনেকৈ কৰিলে শোক প্ৰকাশ !

Next Post

আজি মণিপুৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
আজি মণিপুৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

আজি মণিপুৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7