সোমবাৰৰ পৰা বুধবাৰৰ ভিতৰত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব পাৰে নিৰ্বাচন আয়োগে। আয়োগৰ এক সূত্ৰই জনোৱা মতে, নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
সূত্ৰসমূহৰ মতে, পৃথক পৃথক দিনত নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত একেলগে পাঁচখন ৰাজ্যৰ বিধানসভাৰ ভোট গণনা কৰা হ’ব। নিৰ্বাচনৰ প্ৰস্তুতি পৰীক্ষা কৰিবলৈ এই সপ্তাহত ৫খন ৰাজ্য ভ্ৰমণ আৰম্ভ কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু কংগ্ৰেছৰ বাবে এইটোৱেই শেষ বৃহৎ নিৰ্বাচনী পৰীক্ষা।
২০১৮ চনত ছত্তীশগড়ত দুটা পৰ্যায়ত আৰু বাকী চাৰিখন ৰাজ্যত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ছত্তীশগড়ত ৯০টা বিধানসভা সমষ্টিৰ ভিতৰত মাওবাদী অধ্যুষিত ১৮টা সমষ্টিৰ প্রথম পর্যায় ১২ নৱেম্বৰত অনুষ্ঠিত হয়৷ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হৈছিল ৭২টা সমষ্টিৰ দ্বিতীয় পর্যায়ৰ ভোটগ্ৰহণ । আয়োগে একেদিনাই মধ্যপ্ৰদেশ আৰু মিজোৰামৰ নিৰ্বাচনৰ কথা ঘোষণা কৰিছিল। ২৮ নৱেম্বৰত ২৩০ আসনৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচন হৈছিল। সেইদিনা ৪০ জনীয়া বিধানসভাৰ মিজোৰামতো ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ২০১৮ চনত ২০০খন বিধানসভাৰ আসনেৰে ৰাজস্থান আৰু ১১৯খন আসনৰে তেলেংগানাও একেদিনাই — ৭ ডিচেম্বৰত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ১১ ডিচেম্বৰত পাঁচখন ৰাজ্যৰ ভোটগণনা অনুষ্ঠিত হয়।
বৰ্তমান ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছ ক্ষমতাত আছে । সেই দুখন ৰাজ্যত বিজেপিৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ যুঁজ হোৱাৰ সম্ভাৱনা আছে । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি মধ্যপ্ৰদেশত কংগ্ৰেছে ক্ষমতা দখল কৰিছিল যদিও ডেৰ বছৰৰ ভিতৰতে বিজেপিয়ে মুখ্যমন্ত্ৰী কমল নাথৰ চৰকাৰক গাদীচ্যুত কৰে। তেলেংগানাত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ক্ষমতা দখল কৰি আছে । কংগ্ৰেছ আৰু বিজেপিৰ মাজত এইবাৰ শাসকীয় দলৰ সৈতে তিনিমুখী যুঁজ হোৱাৰ সম্ভাৱনা আছে। আনহাতে উত্তৰ-পূবৰ মিজোৰামৰ মূল যুদ্ধ কংগ্ৰেছ আৰু শাসকীয় মিজো নেচনেল ফ্ৰণ্টৰ মাজত হোৱাৰ সম্ভাৱনা আছে ।