পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পাৰ গৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে অসুস্থ অনুভৱ কৰাৰ বাবে চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে দিল্লীৰ এপ’ল’ চিকিৎসালয়ত । সূত্ৰ অনুসৰি প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীগৰাকীৰ পেটৰ বিষ পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ পিছতেই চিকিৎসকসকলে তেওঁ সংক্ৰমণত আক্ৰান্ত বুলি ধৰা পেলাইছিল।
বুধবাৰে, অমৃতসৰৰ ওচৰত পঞ্জাৱ আৰক্ষীৰ সৈতে হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ পিছত সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত জৰিত সন্দেহজনক দুই গেংষ্টাৰক গুলীয়াই হত্যা কৰাৰ পিছত ৰাজ্যখনত গেংষ্টাৰৰ বিৰুদ্ধে সফলতাৰে অভিযান চলাই থকাৰ বাবে মুখ্যমন্ত্ৰী শ্ৰী মানে আৰক্ষী আৰু গেংষ্টাৰ বিৰোধী টাস্ক ফ’ৰ্চক অভিনন্দন জনাইছিল।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত ভগৱন্ত মানে কয় যে, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ অসামাজিক উপাদানসমূহৰ বিৰুদ্ধে এক নিৰ্ণায়ক যুদ্ধ আৰম্ভ কৰিছে আৰু প্ৰতিশ্ৰুতি অনুসৰি, পঞ্জাৱ আৰক্ষীয়ে অমৃতসৰত এক গেংষ্টাৰ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে।
উল্লেখযোগ্য যে ২১ জুলাইত বিবাহ পাশত আৱদ্ধ হয় শ্ৰী মান ৷ পৰম্পৰাগত শিখ ‘আনন্দ কাৰাজ’ বিবাহ অনুষ্ঠানত ড০ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহ পাশত আৰম্ভ হয় পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকী।
আম আদমী পাৰ্টি চমুকৈ আপৰ নেতা ভগৱন্ত মানে ১৬ মাৰ্চত পঞ্জাৱ বিধানসভা নিৰ্বাচনত বিপুল বিজয় সাব্যস্ত কৰাৰ পিছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷
মুখ্যমন্ত্ৰী গৰাকীৰ অসুস্থতাক লৈ চিন্তিত হৈ পৰাৰ লগতে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে প্ৰাৰ্থনা জনাইছে সমগ্ৰ ৰাজ্যবাসীয়ে ৷