উত্তৰাখণ্ড বিধানসভাত নিজৰ আসন নিশ্চিত কৰি মুখ্যমন্ত্রীৰ পদ সুৰক্ষিত কৰিলে পুষ্কৰ সিং ধামীয়ে ৷ শুকুৰবাৰে চম্পাৱত সমষ্টিৰ আসনৰ বাবে অনুষ্ঠিত উপ-নির্বাচনত বৃহৎ জয় লাভ কৰে ধামীয়ে ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ধামীয়ে মুঠ ৫৮,২৫৮টা ভোট (৯২.৯৪ শতাংশ) লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মলা গহটোৰীয়ে মাত্ৰ ৩২৩৩টা (৫.১৬ শতাংশ) ভোট লাভ কৰিছে। দুয়ো গৰাকী প্ৰার্থীৰ মাজত ভোটৰ ব্যৱধান হৈছে ৫৫ হাজাৰতকৈয়ো অধিক । বিজেপিৰ প্ৰাক্তন বিধায়ক কৈলাশ চন্দ্ৰ গহটোৰীয়ে ধামীৰ হৈ খালী কৰা চম্পাৱতৰ আসনখনৰ বাবে মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷ তেওঁৰ বিজয়ৰ পিছত ধামীয়ে টুইটাৰযোগে চম্পাৱতৰ জনসাধাৰণক ভোটৰ ৰূপত “মৰম আৰু আশীৰ্বাদ”প্ৰদান কৰাৰ বাবে ধন্যবাদ জনায়।
ইফালে কেৰেলাৰ থ্ৰীক্কাকাৰা সমষ্টিত অনুষ্ঠিত উপ নির্বাচনত জয়লাভ কৰিছে । দলটোৰ প্রার্থী উমা থমাছে ২২ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে চি পি আই (এম)ৰ প্ৰার্থী ড০ জো যোচেফক ৷