নেশ্যনেল হেৰল্ড গোচৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীক আজি তঋতীয় দিনা একেৰাহে এনফর্চমেণ্ট সঞ্চালকালয় চমুকৈ ই ডিয়ে জেৰা কৰে ৷ আজি পুৱাৰ ভাগত ই ডিৰ কার্যালয়ত হাজিৰ হয় ৰাহুল গান্ধী ৷ পুৱা প্ৰায় ১১.৩০ বজাত ঞ্চালকালয়ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
ইপিনে ৰাহুল গান্ধীক ই ডিয়ে জেৰা কৰাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছ কর্মীসকল ৷ আজি দলৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰা কংগ্ৰেছ কৰ্মীসকলক আৰক্ষীয়ে আটক কৰে ৷ ইডি কাৰ্যালয়ৰ চাৰিওফালে আৰক্ষীয়ে ব্যাপক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে ৷
আনহাতে, যোৱা নিশা ৰাহুল গান্ধীয়ে তেওঁৰ ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে মাতৃ তথা কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিবলৈ গংগা ৰাম হাস্পতালত উপস্থিত হয় । কংগ্ৰেছৰ সভাপতিগৰাকীক দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত উদ্ভৱ হোৱা স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁক হাস্পতালত ভর্ত্তি কৰা হয় ৷
মঙলবাৰে ৰাহুল গান্ধীক ১১ ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰা হৈছিল। কেন্দ্ৰই ৰাহুল গান্ধীক ‘ভুৱা’ গোচৰত জড়িত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি সোমবাৰৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীত দলৰ শীৰ্ষ নেতা-কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে।
চলিত মাহৰ আৰম্ভণিতে তদন্ত সংস্থাটোৱে জনোৱা মতে, ইয়ং ইণ্ডিয়ান আৰু এজেএলৰ প্ৰমোটাৰসকলৰ শ্বেয়াৰহোল্ডিং পেটাৰ্ণ, বিত্তীয় লেনদেন আৰু ভূমিকা বুজিবলৈ কৰা তদন্তৰ অংশ হিচাপে গান্ধীসকলক সোধা-পোছা কৰা হৈছে।