প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৈনন্দিন কি কি কাম কৰে তাৰ হিচাপ দিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে ৷ আজি টুইটাৰৰ জৰিয়তে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰি কয় যে পেট্ৰ’ল, ডিজেল আৰু গেছৰ মূল্য বৃদ্ধি, কৃষকসকলক অধিক অসহায় কৰি তোলা আৰু যুৱসকলক নিযুক্তিৰ নামত ভুৱা সপোন দেখুওৱাই হৈছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ দৈনন্দিন কাম ৷
গান্ধীয়ে কয় -“প্ৰধানমন্ত্ৰীৰ দৈনিক কৰিব লগীয়া কামৰ তালিকা – পেট্ৰ’ল, ডিজেল আৰু গেছৰ মূল্য বৃদ্ধি , জনসাধাৰণৰ ব্যয়ৰ ওপৰত আলোচনা কেনেদৰে বন্ধ কৰিব লাগে, যুৱসকলক কেনেদৰে নিযুক্তিৰ ভুৱা সপোন দেখুৱাব লাগে, কোনটো ৰাজহুৱা খণ্ডৰ কোম্পানী বিক্ৰী কৰিব লাগে আৰু কৃষকসকলক কেনেদৰে অধিক অসহায় কৰি তুলিব পাৰি ৷ “ উল্লেখ্য যে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য আজি প্ৰতি লিটাৰত ৮০ পইচা বৃদ্ধি কৰা হৈছে ৷ যাৰ ফলত যোৱা ন দিনত মুঠ ৫.৬০ টকা প্ৰতি লিটাৰত পেট্ৰ’লত দাম বৃদ্ধি হৈছে ৷