বাজেট অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক বিতর্কত অংশগ্ৰহন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰৰ বৈদেশিক নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷ চৰকাৰৰ বিভিন্ন কার্যক ক্ষুৰধাৰ সমালোচনা কৰি গান্ধীয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ত্ৰুটিপূৰ্ণ নীতি গ্ৰহণ কৰা বুলি প্ৰধানমন্ত্ৰী মোদীক দোষাৰোপ কৰে ৷ যাৰ ফলত দুখন সুকীয়া ভাৰতৰ সৃষ্টি হৈছে বুলিও কংগ্ৰেছ নেতাজনে কয় ৷ সংসদৰ মজিয়াত তেওঁ মোদীক লক্ষ্য কৰি কয় কয় “গণতন্ত্ৰ দিৱসৰ কার্যসুচীত আপুনি কিয় অতিথি পাবলৈ সক্ষম নহয় নিজকে সোধক। আপুনি পাকিস্তান আৰু চীনক একত্ৰিত কৰিছে ৷ যিটো ভাৰতৰ জনসাধাৰণৰ বিৰুদ্ধে আপুনি কৰিব পৰা আটাইতকৈ ডাঙৰ অপৰাধ ৷” ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইচে কয় যে ৰাহুল গান্ধীৰ মন্তব্যক তেওঁলোকে সমর্থন নকৰে ৷ এই সন্দর্ভত প্ৰাইচে কয় ” পাকিস্তান আৰু চীনৰ মাজৰ সম্পর্কৰ কথা দেশদুখনে পাতিব ৷ কিন্তু মই নিশ্চিতভাৱে এই মন্তব্যসমুহ সমৰ্থন নকৰো ৷ ,” প্ৰাইচে লগতে কয় যে দেশসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজৰ পৰা বাছনি কৰাৰ কোনো প্ৰয়োজন নাই ৷