কংগ্ৰেছে ইয়াৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ নেতৃত্বত উদয়পুৰত অনুষ্ঠিত কৰিব চিন্তন শিবিৰ ৷ য’ত দলৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হ’ব ৷ তদুপৰি আগন্তুক ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ বাবে ৰণনীতি প্ৰস্তুত কৰা হ’ব ‘চিন্তন শিবিৰ’ত ৷ ইয়াৰ মাজতে কংগ্ৰেছৰ সভাপতি পদত পুনৰ অধিষ্ঠিত হ’বলৈ দলৰ মজিয়াৰ পৰা আহ্বান জনাইছে ৰাহুল গান্ধীক ৷ শীৰ্ষ নেতাসকলে যোৱা ১৪ মাৰ্চত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (চিডব্লিউচি) বৈঠকত কংগ্ৰেছ সভাপতিৰ পদ গ্ৰহণ কৰিবলৈ ৰাহুল গান্ধীক দাবী জনাইছে ৷
এই বৈঠকতে জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে গান্ধীক সভাপতিৰ পদ গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ সমান্তৰালভাৱে ৰাহুল গান্ধীয়ে সভাপতিৰ দায়িত্ব গ্ৰহন কৰাৰ বিষয়টো বিবেচনা কৰিবলৈ সাজু বুলি জানিব পৰা গৈছে । অহা আগষ্ট-ছেপ্টেম্বৰত দলটোৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ ২০১৯ চনত লোকসভা নির্বাচনত পৰাজয়ৰ পিছত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে ৷ ছোনিয়া গান্ধীয়ে দলৰ অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ৷ উদয়পুৰত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী চিন্তান শিবিৰৰ সময়ত কংগ্ৰেছ সভাপতি পদ সন্দৰ্ভত আলোচনা কৰাৰ লগতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।
এই বছৰৰ আৰম্ভণিতে পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত দলটোৰ পৰাজয় সন্দর্ভত চিন্তন শিবিৰ অনুষ্ঠিত হৈছে। দলটোৱে যোৱা আঠ বছৰত অনুষ্ঠিত কেইবাটাও নিৰ্বাচনত পৰাজয়ৰ সাক্ষী হৈছে। পৰৱৰ্তী চিন্তন শিবিৰ ১৩ মে’ত ছোনিয়া গান্ধীৰ জনসাধাৰণক সম্বোধন কৰি আৰম্ভ হ’ব আৰু ৰাহুল গান্ধীৰ ভাষণৰ সৈতে ১৪ মে’ত সমাপ্ত হ’ব।