মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই আহ্বান জনালেও কংগ্ৰেছে বাতিল নকৰে ৰাহুল গান্ধীৰ বটদ্ৰৱা ভ্ৰমণ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এই কথা স্পষ্ট কৰিছে ৷ তেওঁ কয়, ‘‘ৰাহুল গান্ধীৰ বটদ্ৰৱা ভ্ৰমণ বহু আগতেই ঠিক কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে ক’লেও আমি বাতিল কৰিব নোৱাৰো।’’ ভাৰত জোড়ো যাত্ৰাৰ পতাকা দেখিলে গাড়ীত তেল নিদিয়াৰো অভিযোগ অসম কংগ্ৰেছৰ সভাপতিগৰাকীৰ।
উল্লেখ্য যে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা অৰ্থাৎ কাইলৈ ৰাহুল গান্ধীক বটদ্ৰৱা ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছিল।
মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেলত কয়, ‘‘কাইলৈ ৰাহুল গান্ধীক বটদ্ৰৱালৈ নাযাবলৈ অনুৰোধ জনাইছো। ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত বটদ্ৰৱালৈ আহিলে ভাল লাগিব। বটদ্ৰৱা আৰু ৰাম মন্দিৰৰ তুলনা হ’ব নালাগে। এয়া মোৰ অনুৰোধহে। তেওঁ আজিও গৈ আহিব পাৰে, কাইলৈৰ দিনটো নিৰ্বাচন কৰাক লৈ অলপ দুখ অনুভৱ কৰিছো।’