কংগ্ৰেছে যোৱা বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি ৰাহুল গান্ধীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল। এই বিষয়ত এতিয়াও গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে মুখ খোলা নাই যদিও ২৪ ঘন্টাৰ ভিতৰত চি আৰ পি এফে অভিযোগৰ প্ৰতি সঁহাৰি জনাইছে। কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ মতে বাৰম্বাৰ ৰাহুল গান্ধীহে নিৰাপত্তাৰ নিয়ম ভংগ কৰিছিল। তেওঁলোকৰ দাবী, ২০২০ চনৰ পৰা কংগ্ৰেছ নেতাগৰাকীয়ে ১১৩ বাৰ নিৰাপত্তাৰ নিয়ম ভংগ কৰিছে।
বুধবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ লিখি ‘ভাৰত জোৰো যাত্ৰা’ৰ সময়ত ৰাহুলৰ নিৰাপত্তাৰ ব্যৱস্থা পৰ্যাপ্ত নহয় বুলি অভিযোগ কৰে। জেড প্লাছ নিৰাপত্তা পোৱা কংগ্ৰেছ নেতাগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত বহু সুৰুঙা থকাৰ অভিযোগো কংগ্ৰেছে উত্থাপন কৰিছে। কংগ্ৰেছে দাবী কৰিছিল যে শনিবাৰে ‘ভাৰত জোৰো যাত্ৰা’ দিল্লীত প্ৰৱেশ কৰাৰ পিছত পথচাৰীসকলে বহুবাৰ নিৰাপত্তাৰক্ষীৰ কৰ্ডন ভাঙি ৰাহুলৰ কাষ চাপিছিল। শেষত কংগ্ৰেছ নেতাসকলেই ৰাহুলক ঘেৰি ধৰি ৰাহুলক নিৰাপত্তা দিবলৈ চেষ্টা কৰিছিল। অস্থায়ী বিৰতিৰ অন্তত ৩ জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব ‘ভাৰত জোৰো যাত্ৰা’। এইবাৰ এই পদযাত্ৰা পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ স্পৰ্শকাতৰ অঞ্চলৰ মাজেৰে যাব। সেয়েহে কংগ্ৰেছে সাংসদ গৰাকীৰ নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰিবলৈ অনুৰোধ জনায়।
অভিযোগৰ পিছতে চি আৰ পি এফে দাবী কৰে যে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ কৰ্তব্যৰ অৱহেলা কৰা হোৱা নাই। তেওঁলোকে আৰু দাবী কৰে যে ‘ভাৰত জোৰো যাত্ৰা’ দিল্লীত প্ৰৱেশ কৰাৰ পূৰ্বে দিল্লী আৰক্ষী, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাকে ধৰি সংশ্লিষ্ট সকলো পক্ষৰ সৈতে বৈঠকত মিলিত হৈছিল। ৰাহুলৰ নিৰাপত্তাত কোনো সুৰুঙা নাই বুলিও তেওঁ কয়। অৱশ্যে নিৰাপত্তাৰ নিয়ম ভংগ কৰাৰ বাবে ৰাহুল দায়ী বুলি স্পষ্ট কৰি দিয়া হৈছে।