বাজেট ভাষণৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে কৰা মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ বিতর্ক ৷ সীতাৰমণৰ এই মন্তব্যক লৈ ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি একাংশ বিৰোধী নেতাই আক্ৰমনৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীক ৷ এক কথাত ক’বলৈ গলে বিত্ত মন্ত্ৰীৰ মন্তব্যক লৈ একপ্ৰকাৰৰ ৰাজনৈতিক মহলত তোলপাৰ লগাইছে ৷ উল্লেখ্য যে কালিৰ বাজেটখনক কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে “শূন্য ৰাশিৰ বাজেট” বুলি অভিহিত কৰি মধ্যবিত্ত, কৃষক আৰু দৰিদ্ৰ লোকসকলৰ বাবে বাজেটত একো নাই বুলি প্ৰকাশ কৰিছিল ৷ ইয়াৰ পাছতে এখন সংবাদমেলত ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সীতাৰমণে এইদৰে কৈছিল ‘ মই ভাবো যে তেওঁ ইউ-পি টাইপ মন্তব্য দিছে ৷ ইউ পি(উত্তৰ প্ৰদেশ) ৰ পৰা পলায়ন কৰা এজন সাংসদৰ বাবেই এয়াই যথেষ্ট ভাল ৷” এই মন্তব্যৰ পাছতে বিৰোধী দলে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকো সমালোচনা কৰি ক্য় যে তেওঁ এই মন্তব্যৰে উত্তৰ প্ৰদেশৰ জনসাধাৰণক অপমান কৰিছে ৷ ইয়াৰ বাবে সীতাৰমণক ক্ষমা ভিক্ষা কৰিবলৈয়ো দাবী উত্থাপন কৰিছে বিৰোধীয়ে ৷
এই সন্দর্ভত প্ৰিয়ংকা গান্ধী ভাদ্ৰাই টুইটাৰত কয়, “আপুনি উত্তৰ প্ৰদেশৰ বাবে বাজেটত একো প্ৰদান কৰা নাই ৷ কিন্তু উত্তৰপ্ৰদেশৰ লোকসকলক এনেদৰে ঠাট্টা-মস্কৰা কৰাৰ কি প্ৰয়োজন আছিল ৷ আমি উত্তৰ প্ৰদেশৰ ভাষা, উপভাষা, সংস্কৃতি আৰু ইতিহাসক লৈ গৌৰৱান্বিত,”৷ কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদীপ সুর্যৱালাই বিত্ত মন্ত্ৰীগৰাকীক উত্তৰ প্ৰদেশৰ লোকসকলক তেওঁৰ “ইউপি-টাইপ” মন্তব্যৰ দ্বাৰা অপমান কৰাৰ অভিযোগ উত্থাপন কৰে ৷ তেওঁ কয়”নিৰ্মলা সীতাৰমণে উত্তৰ প্ৰদেশৰ ২৫ কোটি লোকক অপমান কৰিছে ৷এয়া উত্তৰ প্ৰদেশৰ ২৫ কোটি লোকৰ বাবে এটা ডাঙৰ অপমান। প্ৰধানমন্ত্ৰী মোদী আৰু নিৰ্মলা সীতাৰমণে তাৎক্ষণিকভাৱে উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিব লাগে ৷’ উত্তৰপ্ৰদেশৰ নির্বাচনৰ প্ৰাকক্ষণত সীতাৰমণৰ এই মন্তব্যই প্ৰভাৱ পেলাব নেকি তাক লৈয়ো আৰম্ভ হৈছে চর্চা ৷